মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় লোৱা দক্ষিণ শালমাৰাৰ ৫ সহস্ৰাধিক বানাক্ৰান্তৰ মাজত যুৱকৰ খাদ্য-পানী বিতৰণ…

মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় লোৱা দক্ষিণ শালমাৰাৰ ৫ সহস্ৰাধিক বানাক্ৰান্তৰ মাজত যুৱকৰ খাদ্য-পানী বিতৰণ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৃহস্পতিবাৰে দিনৰ বিয়লি প্ৰায় ৬ বজালৈ বানৰ পানী মাত্ৰ তিনি ছেণ্টিমিটাৰ হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট প্ৰায় ৩১ মিটাৰলৈ গৈ বিপদসীমাৰ পৰা প্ৰায় তিনি মিটাৰ ওপৰেদি এতিয়াও পানী বৈ থকাত পাচ শতাধিক বানাক্ৰান্তই উপায়ন্তৰ হৈ নিজৰ ঘৰ-দুৱাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় লৈছে।

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ত আশ্ৰয় লৈ অসমৰ পাচ সহস্ৰাধিক লোক। জিলাখনত বানে ভয়াবহ ৰূপ ধাৰণ কৰাত সহায় বিহীন হৈ পৰিছে বানাক্ৰান্ত। একাংশ জনে যদিও বিভিন্ন বাট-পথ তথা মথাউৰী আৰু চৰকাৰী প্লেটফৰ্মত আশ্ৰয় লৈছে কিন্তু উক্ত বাট-পথ, মথাউৰী, প্লেট ফৰ্মও পানীৰ কবলত পৰাৰ ফলত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সম্পূৰ্ণৰূপে ব্যহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। ব্যহত হৈছে বিদ্যুত যোগান।

বানাক্ৰান্তই পান কৰিবলৈ নাই বিশুদ্ধ খোৱা পানী। আহাৰৰ বাবে নাই খাদ্য। জিলাখনত বান পৰিস্থিতি এনে পৰিস্থিতি পাইছে গৈ যি চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰিব। হাহাকাৰৰ মাজত বানাক্ৰান্তই নিজা উজাগৰে কটাবলীয়া হৈছে। কাৰণ প্ৰায় প্ৰতিটো পথ, মথাউৰিৰ কাষত নদী। কেতিয়া নদীয়ে কাক উটাই নিয়ে তাৰ ঠিক নাই।

এনে এক অকল্পনীয় পৰিস্থিতৰ মাজতো বানাক্ৰান্তক বান সাহায্য দিয়াত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ফলত বানাক্ৰান্তই উপায়ন্তৰ হৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত গৈ আশ্ৰয় লৈছে। মেঘালয়ত আশ্ৰয় লোৱা বানাক্ৰান্তৰ খবৰ লবলৈ মানকাচৰৰ বিধায়ক ডাঃ মিতউৰ ৰহমান মণ্ডল জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

কংগ্ৰেছী বিধায়ক গৰাকীয়ে আজি জিলাখনৰ মানকাচৰ সমষ্টিৰ মলাখোৱা, গোটাবাৰী, সুখচৰ গাও পঞ্চায়ত এলেকাত বানাক্ৰান্ত লোকৰ ওচৰত গৈ বান সাহায্যৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰতি দিয়ে। বিধায়ক গৰাকী অঞ্চলকেটাত বানাক্ৰান্ত লোকৰ হৈতে কথা পাতি অৱগত হয় যে অঞ্চলটোৰ পাচ সহস্ৰাধিক লোক মেঘালয়ত আশ্ৰয় লৈছে। ইয়াৰ পাছতেই মেঘালয়ৰ সবৰিবাৰী, লালমাটি এলেকাত গৈ উক্ত আশ্ৰয় শিবিৰত বানাক্ৰান্ত লোকৰ খবৰ লৈ তেওলোকৰ বাবেও জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি বান সাহায্যৰ ব্যৱস্থা কৰিব বুলি বানাক্ৰান্ত লোকক আশ্বাস দিয়ে।

ইফালে ঘৰৰ মধুচুতলৈ পানী উঠাত ঘৰ-দুৱাৰ এৰি যোৱা তিনি দিন ধৰি মেঘালয়ত আশ্ৰয় লোৱা বানাক্ৰান্ত লোকৰ হাতত কোনো খাদ্য নথকাত বহু লোক বেমাৰত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। উক্ত বানাক্ৰান্ত লোকৰ বাবে দক্ষিণ শালমাৰা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই যদিও হাহাকাৰ পৰিস্থিতি চাই মেঘালয় প্ৰশাসনৰ ফালৰ পৰা খোৱা পানী আৰু কিছু আহাৰৰ ব্যৱস্থা কৰি দিয়াত বানাক্ৰান্তই কিছু পৰিমানে সকাহ লাভ কৰা পৰিলক্ষিত হৈছে।

আনহাতে লালমাটী গাওৰ একাংশ যুৱকে স্থানীয় লোকৰ পৰা চাদা উঠাই বানাক্ৰান্ত লোকক যোৱা দুদিন ধৰি খিচৰী, খোৱা পানী আদি যোগান দি উক্ত যুৱকৰ দলটো সহায় কৰি আহিছে। সহায়ৰ হাত আগবঢ়োৱা যুৱক এজনে কয় যে এওলোক ঘৰ-দুৱাৰ এৰি কোনোমতে আহি মেঘালয়ত তেওলোকৰ ঘৰৰ ওচৰত পাহাৰৰ মাজত আশ্ৰয় লৈছে।

কিন্তু তেওলোকৰ হাতত খাবলৈ কোনো ৰেচন সামগ্ৰী নাই। ফলত এওলোক খাদ্য সংকটত ভোগাৰ লগতে বেমাৰত আক্ৰান্ত হবলৈ ধৰিছিল। যদিও যুৱক সকলৰ নিজৰ উপাৰ্জনৰ কোনো ধন নাই তাৰ পাছতো মানৱতাৰ খাতিৰত তেওলোক সহায় কৰিবলৈ স্থানীয় যুৱক সকলক কৈ যিয়ে যিমান পাৰে টকা দি লগতে গাও খনৰ পৰা কিছু টকা ততকালীন ভাবে উঠাই খিচৰীৰ ব্যৱস্থা কৰা বুলি আমাক জানিবলৈ দিয়ে।

মন কৰিবলগীয়া বিষয় এয়া যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় তিনি কিলোমিটাৰ নিলগত থকা মেঘালয়ৰ গাৰো পাহাৰত এইদৰে অসমৰ পাচ সহস্ৰাধিক লোক বানৰ কবলত পৰি আশ্ৰয় লৈ হাহাকাৰ পৰিস্থিতৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে যদিও এওলোকৰ খবৰ লবলৈ জিলা প্ৰশাসনৰ হাতত একনমানো যেন আহৰি নাই।

অথচ জিলা প্ৰশাসনৰ লোক, জিলা উপায়ুক্ত আজি পপুৱাৰ ভাগত উক্ত শিবিৰৰ কাষেদি আগীয়া-তুৰা এন ই চি পথৰ ওপৰেদি দক্ষিণ শালমাৰাৰ বান পৰিস্থিতৰ বুজ লবলৈ গৈছিল। কিয় এনে হাহাকাৰ জিলা প্ৰশাসনৰ চকুত নপৰে সেয়া অতিকৈ দূৰ্ভাগ্যজনক। অসমৰ বানাক্ৰান্তৰ বাবে যিটো কাম মেঘালয়ৰ যুৱক সকলে কৰিব সেই কাম কিয় জিলা প্ৰশাসনে কৰিব নোৱাৰে সেয়া এতিয়া বানাক্ৰান্তৰ প্ৰশ্ন।

উল্লেখ্য যে, বিগত এটা সপ্তাহ ধৰি বানপানীয়ে জিলাখনত ভয়াবহ ৰূপ ধাৰন কৰি হাহাকাৰৰ সৃষ্টি কৰিছে যদিও বৃহস্পতিবাৰে দুই-চাৰিটা স্থানত জিলা প্ৰশাসনৰ ফালৰ পৰা বান সাহায্য দিয়া হৈছে। বৰ্তমানেও বান সাহায্যৰ পৰা বঞ্চিত হৈ আছে মেঘালয়ত আশ্ৰয় লোৱা এই সকল বানাক্ৰান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in