গ্ৰাহকৰ হাহাকাৰ! বজাৰত পিয়াজৰ মূল্য ১২০ টকা…

গ্ৰাহকৰ হাহাকাৰ! বজাৰত পিয়াজৰ মূল্য ১২০ টকা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ তিনি আলী পাইকাৰী বজাৰত আজি পিয়াজৰ পাইকাৰী মূল্য ১০০ টকাৰ পৰা ১১০ টকা হোৱাৰ ফলত একাংশ ব্যৱসায়ীয়ে পিয়াজ বিক্ৰী বন্ধ কৰি দিয়াত গ্ৰাহকে ১২০ টকা দৰতো বজাৰত পিয়াজ হাহাকাৰত ভোগা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকা হৈছে তিনি আলী পাইকাৰী বজাৰ। এই বজাৰখন প্ৰতিদিন পুৱতি নিশা প্ৰায় তিনি বজাত আৰম্ভ হৈ পুৱা আঠ বজাত শেষ হয়। ধুবুৰী, কোচবিহাৰ, বৰপেটাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা বজাৰখনত কেচা সামগ্ৰী আনি পাইকাৰী হিচাপে ব্যৱসায়ী সকলৰ ওচৰত বিক্ৰী কৰে।

এই পাইকাৰী বজাৰখনৰ শাক-পাচলিকে ধৰি পিয়াজ, জলকীয়া আদি কেচা সামগ্ৰী প্ৰতিদিনে জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায়ী সকলে আহি ক্ৰয় কৰি খুচৰা বজাৰত বিক্ৰী কৰাৰ লগতে আন একাংশ ব্যৱসায়ীয়ে সামগ্ৰীবোৰ ক্ৰয় কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোবাধা, তুৰা, আমপাতীকে ধৰি বিভিন্ন স্থানত নিয়ে।

ইফালে যোৱা কালি বজাৰখনত বিশেষকৈ পিয়াজৰ পাইকাৰী দাম ৮০-৯০ টকা থকাৰ লগতে খুচৰা বজাৰত পিয়াজৰ মূল্য আছিল ৯০-১০০ টকা। কিন্তু আজি পুৱা হঠাত বজাৰখনত পাইকাৰী বজাৰতেই পিয়াজৰ মূল্য ১০০-১১০ টকা হোৱাত খুচৰা বজাৰত পিয়াজৰ মুল্য হয়গৈ ১২০ টকা।

পিয়াজৰ দাম এইদৰে ধ্ৰুত গতিত হঠাত ৰহস্যজনক ভাবে বৃদ্ধি পোৱাৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ী সকলেও জাঙুৰ খাই উঠিছে। একাংশ ব্যৱসায়ীয়ে পিয়াজ বিক্ৰী বন্ধ কৰি আন সামগ্ৰী বিক্ৰী কৰি ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। অৱশ্য দুই চাৰি জনে অধীক মুল্যতে পিয়াজ ক্ৰয় কৰি ১২০ টকা দৰত আজি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

ক্ষুদ্ৰ ব্যৱাসীয় সকল এইদৰে চৰা দামত পিয়াজ বিক্ৰী বন্ধ কৰি দিয়াত গ্ৰাহক সকলে ১২০ টকা দৰতো বজাৰত পিয়াজ বিচাৰি নোপোৱা পৰিলক্ষিত হয়। মুঠৰ ওপৰত জিলাখনৰ হাটশিঙিমাৰীত আজি পিয়াজৰ বাবে গ্ৰাহকে হাহাকাৰত ভূগিবলগীয়া হয়।

আনহাতে জিলাখনৰ মানকাচৰ, দক্ষিণ শালমাৰা, টুমনি, পাটাকাটা, কালাপানী, বাঘাপাৰাকে ধৰি প্ৰায় প্ৰতিটো স্থানত এইদৰে পিয়াজৰ মুল্য ১২০ টকা দৰত খুচৰা বজাৰত বিক্ৰী কৰা হয়। ফলত একাংশ সচেতন লোকে যোগান আৰু অসামৰিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ফনি ভীষণ চৌধুৰীৰ ওপৰত ক্ষোভ উজাৰা পৰিলক্ষিত হয়। হয় মন্ত্ৰী গৰাকীয়ে দায়িত্ব এৰি দিওক নহলে পিয়াজৰ দাম হ্ৰাস কৰক বুলিও একাংশ জনে দাবী তুলি মন্ত্ৰী গৰাকীৰ লগতে চৰকাৰক ৰাইজে সমালোচনা কৰা পৰিলক্ষিত হয়।

মন কৰিবলগীয়া বিষয় এয়া যে যোৱা দুদিন পূৰ্বে মন্ত্ৰী ফণি ভূষণ চৌধুৰীয়ে দাবী কৰিছিল অসমৰ কোনো স্থানতেই পিয়াজ ৮০ টকাত বিক্ৰী হোৱা নাই। বজাৰ পৰিদৰ্শন নকৰাৰ লগতে কোনো তথ্য সংগ্ৰহ নকৰাকৈ মন্ত্ৰী গৰাকীয়ে এনে অদ্ভূত মন্তব্য কৰাৰ পাছত ৰাজ্যত যেন এতিয়া পিয়াজৰ মূল্য আৰু অধীক হাৰত বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in