দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নিচা জাতীয় সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ…

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নিচা জাতীয় সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: অসমকে ধৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা সোমবাৰে নিশা বি এছ এফে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী সহ ৫৭ টা গৰু। উল্লেখযোগ্য যে পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ শীতলকুছি থানা এলেকাৰ গাছতলা বি এছ এফ কেম্প এলেকাত বি এছ এফে যোৱা নিশা ৪৭ নং বি এন বি এছ এফে ১০০ বটল ফেঞ্চিডাইল জব্দ কৰে।

একেদৰে জিলা খনৰ সীতাই থানা এলেকাৰ পশ্চিম চামতা বি এছ এফ কেম্প এলেকাৰ পৰা ১০০ নং বি এছ এফে আন এক অভিযানৰ জৰিয়তে ৬৮ বটল ফেঞ্চিডাইল জব্দ কৰে।ইফালে যোৱা নিশা বি এছ এফে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু পশ্চিম বংগৰ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৫৭ টা গৰু জব্দ কৰে বুলি জনা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in