দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন…

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাত ৭২ তম গণৰাজ্য দিৱস পালনৰ সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। ব্যতিক্ৰম নহয় দক্ষিণ শালমাৰা মানকাচৰ জিলা। জিলা প্ৰশাসনৰ উদ্যোগত জিলা খনৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব গণৰাজ্য দিৱস।

এই উপলক্ষে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি এইবাৰ ১৮ বছৰৰ উৰ্ধৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ গণৰাজ্য দিৱসৰ প্ৰেডত অংশগ্ৰহণ কৰিব পাৰিব। জিলা খনত এইবাৰ অসম আৰক্ষী, 27 নং বেটেলিয়ান, NCC আৰু জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্রীকে ধৰি মুঠ ৪ খন দলে প্ৰেডত অংশগ্ৰহণ কৰিব।

প্ৰেডত অংশগ্ৰহণ কৰাৰ সময়ত সকলোৱে মাস্ক পৰিধান কৰিব লাগিব বুলি জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই জানিবলৈ দিয়াৰ লগতে তেওঁ কয় যে ভাৰত বাংলাদেশ সীমান্তবৰ্তী জিলা খনৰ কাঁইটীয়া তাৰৰ বেৰৰ সীমান্তকে ধৰি উন্মক্ত চৰ তথা নদী সীমান্ত ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে।

বহি ৰাষ্ট্ৰৰ পৰা যাতে কোনো দুস্কৃতিকাৰী জিলা খনত প্ৰৱেশ কৰি দেশত কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বি এছ এফে নিৰাপত্তাৰ ব্যৱস্থা কঠোৰ কৰি তোলা পৰিলক্ষিত হৈছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in