দক্ষিণ শালমাৰাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বংশীৰচৰত ১৬ টা গৰু, ইঞ্জিন চালিত নাও সহ গ্ৰেপ্তাৰ ৪সৰবৰাহকাৰী…

দক্ষিণ শালমাৰাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বংশীৰচৰত ১৬ টা গৰু, ইঞ্জিন চালিত নাও সহ গ্ৰেপ্তাৰ ৪সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বংশীৰচৰত আজি পুৱতি নিশা দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই এটা ইঞ্জিন চালিত নাও, ১৬ টা চোৰাং গৰু সহ চাৰি গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক আহমেদ আলিৰ নেতৃত্বত আজি পুৱতি নিশা ব্ৰহ্মপুত্ৰ নদীত এক বৃহৎ অভিযান চলোৱা হয়। আৰক্ষীৰ এই অভিযান কালত ইঞ্জিন চালিত নাও ভৰ্তি কৰি গৰু চোৰাং সৰ্বৰাকাৰীয়ে বাংলাদেশলৈ সৰু চালনা কৰিবলৈ অনা ১৬ টা গৰু সহ ইঞ্জিন চালিত নাওখন জব্দ কৰে।

ইফালে নাও খনত থকা চাৰি গৰু সৰবৰাহকাৰী আৰক্ষীয়ে আটক কৰি থানালৈ অনাৰ পাছৰ আজি দুপৰীয়া গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱা গৰু সৰ্বৰাকাৰী কেইটা ক্ৰমে দক্ষিণ শালমাৰা থানা এলেকাৰ মুঠাখোৱা গাঁৱৰ তাহেৰ আলিৰ পুত্ৰ ছাইদুল ইছলাম (২০), গোলাপ উদ্দীনৰ পুত্ৰ বাহাৰ আলি (৪০), নুৰ আলিৰ পুত্ৰ পাহচান আলি (২৫) আৰু শুকুৰ আলিৰ পুত্ৰ ছাইদুল ইছলাম (২৩) বুলি পৰিচয় পোৱা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in