দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : ৰাজ্যৰ আন আন জিলা আৰু সমষ্টিৰ দৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে, জিলা খনৰ অধীনত থকা দুখনকৈ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা যোৱা সোমবাৰ অৰ্থাৎ ১৮ জানুৱাৰী তাৰিখৰ দিনা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ আৰু জিলা নিৰ্বাচনী বিষয়া ভিভাস মেধিয়ে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে।

প্ৰকাশ পোৱা ভোটাৰ তালিকামতে জিলা খনত এইবাৰ মুঠ ৪১২০৫০ গৰাকী ভোটাৰৰ নাম তালিকাক অন্তৰ্ভুক্ত কৰা হৈছে। মানকাচৰ সমষ্টিৰ মুঠ ২৮০ টা ভোট গ্ৰহণ কেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২২৪৪৩২ গৰাকী। ইয়াৰে সমষ্টি খনত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১১৩৩৬১ গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১১১০৬৫ টা। সমষ্টিখনত তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে ।

একেদৰে দক্ষিণ শালমাৰা সমষ্টিত মুঠ ২৫৩ টা ভোট গ্ৰহণ কেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮৭৬১৬ টা। ইয়াৰে সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৯৬২৮৭ টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯১৩২৬ টা। সমষ্টি খনত তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ৫ টা। ইয়াকে লৈ জিলা খনত মুঠ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ১১ টা।

মন কৰিবলগীয়া যে জিলা খনৰ দুখনকৈ সমষ্টিৰ মুঠ ৫৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ৪১২০৫০ টা ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ২০৯৬৪৮ টা আৰু মহিলা ভোটাৰৰ সংখ্যা ২০২৩৯১ টা ।

আনহাতে, যোৱা ডিচেম্বৰ মাহত প্ৰকাশ পোৱা ২০২১ চনৰ খচৰা ভোটাৰ তালিকাত জিলা খনত মুঠ ভোটাৰৰ সংখ্যা আছিল ৪০০৬৭৩ টা। খচৰা ভোটাৰ তালিকাৰ পৰা চূড়ান্ত ভোটাৰ তালিকাত মুঠ ১১৩৭৭ টা ভোট বৃদ্ধি পাইছে। ইয়াৰে ২১ নং মানকাচৰ সমষ্টিত ৬২৬৮ টা ভোট বৃদ্ধি পোৱাৰ লগতে ২২ নং দক্ষিণ শালমাৰা সমষ্টিত ৫১০৯ টা ভোটাৰ বৃদ্ধি পাইছে বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে এক সংবাদ মেলাৰ জৰিয়তে জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in