মানকাচৰত উপস্থিত অভিভাৱক সচিবঃ আদৰ্শ ভেকচিন চেন্টাৰসহ বিভিন্ন ঠাই পৰিভ্ৰমণ…

মানকাচৰত উপস্থিত অভিভাৱক সচিবঃ আদৰ্শ ভেকচিন চেন্টাৰসহ বিভিন্ন ঠাই পৰিভ্ৰমণ…

মানকাচৰত উপস্থিত অভিভাৱক সচিবঃ আদৰ্শ ভেকচিন চেন্টাৰসহ বিভিন্ন ঠাই পৰিভ্ৰমণ…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দায়িত্ব লাভ কৰা অভিভাৱক সচিব আইএএছ বিষয়া মুকেশ চাহু বুধবাৰে জিলাখনত উপস্থিত হৈ জিলাখনৰ তিনিখনকৈ আদৰ্শ কোভিড ভেকচিন চেন্টাৰ, ঐতিহাসিক মিৰজুমলা কবৰ, কামাখ্যা মন্দিৰ আৰু ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লয়।

উল্লেখযোগ্য যে বুধবাৰে দিনৰ প্ৰায় ১২ বজাত গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হয় নতুন চৰকাৰে জিলাখনৰ দায়িত্ব দিয়া অভিভাৱক সচিব আইএএছ বিষয়া মুকেশ চাহু। হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হৈ দূপৰীয়াৰ আহাৰ গ্ৰহনৰ পাছত অভিভাৱক সচিব জনে জিলাৰ সদৰত থকা হাটশিঙিমাৰী প্ৰেক্ষাগৃহস্থিত আদৰ্শ কোভিড ভেকচিন চেন্টাৰ দিনৰ প্ৰায় ২.৩০ বজাত পৰিদৰ্শন কৰে। একেদৰে কুকুৰমাৰাস্থিত গজাৰীকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আদৰ্শ কোভিড ভেকচিন চেন্টাৰ খন দিনৰ প্ৰায় ৩ বজাত পৰিদৰ্শন কৰি মানকাচৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত মাৰুৱোৰী যুৱ মঞ্চৰ উদ্যোগত চলি থকা আদৰ্শ কোভিড ভেকচিন চেন্টাৰত দিনৰ প্ৰায় ৩.৩০ বজাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে অভিভাৱক সচিব জনে এই তিনিখন আদৰ্শ কোভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰাৰ পাছত মানকাচৰৰ অসম-মেঘালয় সীমান্তত থকা ঐতিহাসিক মিৰজুমালাৰ কবৰ দিনৰ প্ৰায় ৩.৪৫ বজাত পৰিদৰ্শন কৰে। তদুপৰি মানকাচৰ কামাখ্যা মন্দিৰত দিনৰ প্ৰায় ৪ বজাত উপস্থিত মন্দিৰৰ পৰিস্থিতিৰ বুজ লৈ বিয়লি প্ৰায় ৪.১৫ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হৈ কাইটীয়া তাৰৰ বেৰ থকা সীমান্তৰ বুজ লয়।

অভিভাৱক সচিব জনৰ এই পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্ত এইচ এন গৌতম, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস, মানকাচৰ ৰাজহ চক্ৰ বিষয়া শ্বাহানাজ ইকবাল, জিলা কোভিড টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আশ্ৰাফ আলী সহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মন কৰিবলগীয়া বিষয় এয়ে যে জিলাখনৰ বিভিন্ন সমস্যাক লৈ কাইলৈ দিনৰ ১১ বজাত হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়া সকলক লৈ এখন জৰুৰী সভাৰ আয়োজন কৰা হৈছে বুলি জিলা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in