অভিনৱ প্ৰতিবাদঃ পথত ৰুলে ধানৰ কঠীয়া, জাল টানি ধৰিলে মাছ…

অভিনৱ প্ৰতিবাদঃ পথত ৰুলে ধানৰ কঠীয়া, জাল টানি ধৰিলে মাছ…

অভিনৱ প্ৰতিবাদঃ পথত ৰুলে ধানৰ কঠীয়া, জাল টানি ধৰিলে মাছ…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ পানকাটা গাওঁ পঞ্চায়তৰ কুৰালভাঙ্গা-মেঘালয় সংযোগী একমাত্ৰ পথটো স্বাধীনোত্তৰ ৭ টা দশক পাৰ হোৱাৰ পাছতো চৰকাৰে নিৰ্মাণ কৰি নিদিয়াৰ ফলত এজাক বৰষুণ বৰষুণতেই এবুকু পানী জমা হোৱাৰ লগতে বোকাময় হৈ পথাৰৰ দৰে হৈ পৰাত স্থানীয় ৰাইজে যাতায়ত কৰাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি যমৰ যতনাত ভূগি অহা পৰিলক্ষিত হৈছে। ফলত ৰাইজে উপায়ন্তৰহৈ এই বোকাময় পথৰ ওপৰত ধানৰ কঠীয়া ৰুই চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে জিলাখনৰ আন আন গাওঁ পঞ্চায়তৰ তুলনাত অসম-মেঘালয় সীমান্তৱৰ্তী পানকাটা গাওঁ পঞ্চায়ত খন স্বাধীনোত্তৰ ৭ টা দশক পাৰ হোৱাৰ পাছতো উন্নয়নৰ মুখ নেদেখা পৰিলক্ষিত হৈছে। বিশেষকৈ পঞ্চায়তটোৰ অধীনত থকা পাহাৰীয়া এলেকা কুৰালভাঙ্গা, চাটিভূই, শ্বালিভূই আদি গাঁৱত এটাও পকী পথ নথকাৰ ফলত অকনমান বৰষুণ হলেই গাওঁ কেইখনৰ প্ৰতিটো পথ বোকাময় হৈ পৰে। বিশেষকৈ কুৰালভাঙ্গা গাওঁৰ পৰা মেঘালয় সংযোগী একমাত্ৰ পথটো বৰষুণ হোৱাৰ ফলত বিগত প্ৰায় ১৫ দিন ধৰি পথটোৰ ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী জমা হৈ থকাৰ লগতে একাঠু বোকা হৈ পথ নে পথাৰ ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰতি বছৰে বাৰিষাৰ সময়ত এইদৰে এই পথটো বোকাময় হৈ পৰাত গাওঁখনৰ ৰাইজে ভীষণ অসুবিধাৰ সম্মুখীন হয়। পথটো বিধস্ত হৈ পৰাৰ ফলত গাওঁবাসী গাওঁ খনৰ পৰা প্ৰায় দুই-তিনি মাহলৈকে ওলাব নোৱাৰাৰ পৰিস্থিতি হয়। নিৰ্বাচন আহিলে পথটো নিৰ্মাণ কৰি দিয়া হ'ব বুলি জনপ্ৰতিনিধি সকলে প্ৰলোভন দি ভোট লাভ কৰে ঠিকেই, কিন্তু ভোট পাৰ হোৱাৰ পাছত গাওঁখনৰ কথা পাহৰি যোৱাৰ ফলত বছৰ বছৰ ধৰি এইদৰে জীয়াতু ভূগিছে গাওঁ খনৰ ৰাইজে। শেহতীয়াকৈ সমাপ্ত হোৱা বিধান সভাৰ নিৰ্বাচনৰ সময়তো বৰ্তমানৰ বিধায়ক গৰাকীয়ে ভোট বিচাৰি গাওঁখনত সভা পাতিছিল। গঞা ৰাইজে পথটো নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে বিধায়ক গৰাকীক । কিন্তু ভোটত জয়ী হৈ বিধায়ক হোৱা আমিনুল ইছলাম নিৰ্বাচনৰ পাছত গাওঁ খনৰ ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এনে পৰিস্থিতিৰ ফলত স্থানীয় ৰাইজে চৰকাৰ-জিলা প্ৰশাসন, জনপ্ৰতিনিধিৰ বিৰোদ্ধে ক্ষোভিত হৈ উঠা পৰিলক্ষিত হৈছে। যাৰ ফলত আজি গাওঁখনত সাংবাদিকৰ দল এটা দেখি স্থানীয় ৰাইজে ধানৰ কঠীয়া আনি একাঠু বোকাময় পথৰ ওপৰত ধানৰ কঠীয়া ৰুই এবুকু পানী থকা পথৰ ওপৰত জাল টানি মাছ ধৰি অভিনৱ প্ৰতিবাদ কৰে। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এইদৰে গাওঁবাসীয়ে এই অভিনৱ প্ৰতিবাদ কৰি পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে।

ইমানৰ পাছতো চৰকাৰ-জনপ্ৰতিনিধি বা জিলা প্ৰশাসনে এই পথটোৰ প্ৰতি গুৰুত্ব দিব নে নাই সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in