কল গছৰ ভূৰ বান্ধি ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ গৰু সৰবৰাহঃ বি এছ এফে জব্দ কৰিলে ২৩ টা গৰু…

কল গছৰ ভূৰ বান্ধি ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ গৰু সৰবৰাহঃ বি এছ এফে জব্দ কৰিলে ২৩ টা গৰু…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুটা পৃথক স্থানত বিএছএফে ২৩ টা চোৰাং গৰু জব্দ কৰি আৰক্ষীক গতাই দিয়ে।উল্লেখযোগ্য যে জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী চোকীচৰ বিএছএফ কেম্প এলেকাৰ নদী পথৰ পৰা বিএছএফে দেওবাৰে পুৱতি নিশা ১৮ টা চোৰাং গৰু জব্দ কৰে। নদী তথা উন্মুক্ত চৰ সীমান্তৰ মাজেৰে গৰু কেইটা গৰু সৰবৰাহকাৰী দল এটাই কল গছৰ ভূৰ বান্ধি পানীৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত গৰু কেইটা বিএছএফে জব্দ কৰে যদিও বিএছএফক দেখি চোৰাং সৰবৰাহকাৰী দলটো পলায়ন কৰে।

ইতিমধ্যে বিএছএফে গৰু কেইটা দক্ষিণ শালমাৰা থানাত চমজাই দিয়াত আৰক্ষীয়ে গৰু কেইটা খোৱাৰাত জমা কৰিছে।আনহাতে জিলাখনৰে সুখচৰ থানা এলেকাৰ মহামায়া চৰত বিএছএফ কেম্প এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰাও বিএছএফে দেওবাৰে পুৱতি নিশা ৫ টা চোৰাং গৰু জব্দ কৰে। বিএছএফে গৰু কেইটা জব্দ কৰাৰ সুযোগ লৈ চোৰাং সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে বিএছএফে গৰু কেইটা সুখচৰ আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে গৰু কেইটা খোৱাৰাত জমা কৰিছে।

মন কৰিবলগীয়া বিষয় যে ৰাজ্য চৰকাৰে গৰুৰ ছিণ্ডিকেট আৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ গ্ৰহন নকৰক কিয় গৰুৰ চোৰাং বেপাৰীয়ে চৰকাৰৰ নীতিক বুঢ়া আঙুলি দেখুৱাই বাংলাদেশলৈ চোৰাং ভাবে গৰু সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসম আৰক্ষী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ, দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে।

প্ৰায় প্ৰতিদিনে বিএছএফে সীমান্তৰ পৰা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে যদিও জিলাখনৰ সুখচৰ আৰু দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে কি ৰহস্যজনক কাৰণত গৰু জব্দ কৰা নাই সেয়া সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ সুখচৰ আৰু দক্ষিণ শালমাৰা থানা এলেকাত থকা ভাৰত-বাংলাদেশ সীমান্তৰ অধিকাংশ এলেকা উন্মুক্ত তথা নদী আৰু চৰ সীমান্ত। এই সুযোগ লৈ চোৰাং সৰবৰাহকাৰীয়ে এইদৰে প্ৰতিদিনে জাকে জাকে গৰু বাংলাদেশলৈ সৰবৰাহ কৰি থকাৰ পাছতো দুয়োখন থানাৰ আৰক্ষীয়ে গৰু জব্দ নকৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দীৰ্ঘদিনীয়া অভিযোগ মতে সুখচৰ আৰু দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে নিশাৰ ভিতৰত নদী সীমান্তৰ পৰা গৰু জব্দ কৰিলে খোৱাৰাত জমা কৰি সংবাদ মাধ্যমক দূৰত ৰাখি একাংশ গৰু ছিণ্ডিকেট চক্ৰৰ হাতত চোৰাং গৰু বিক্ৰী কৰা হয়। দীৰ্ঘ দিনীয়া এই অভিযোগৰ বিষয়ে সংবাদ মাধ্যমে প্ৰমাণ সহকাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতো বিষয়টোলৈ চৰকাৰ বা আৰক্ষীৰ উৰ্ধতম কতৃপক্ষই কোনো তদন্ত নকৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

ইফালে বিগত দুই-তিনি বছৰ ধৰি যিসকল আৰক্ষী বিষয়া, কনিষ্টবল সুখচৰ আৰু দক্ষিণ শালমাৰা থানাত কৰ্মৰত হৈ আছে বা আছিল তেওঁলোক বৃহত সম্পত্তিৰ অধিকাৰী হৈছে বুলিও একাংশ সচেতম মহলে দাবী কৰা দেখা যায়। একেদৰে সুখচৰ থানাৰ অধীনত থকা এখন খোৱাৰাৰ গৰাকীও কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হবলৈ সক্ষম হৈছে। বিগত প্ৰায় তিনি বছৰ ধৰি চৰকাৰী ভাবে খোৱাৰাৰ মালিক সকলে পশুধন ৰখাৰ বাবে কোনো ধৰণৰ ধন মোকলাই নিদিয়াৰ পাছতো তিনি বছৰ পূৰ্বে চাহ খাবলৈ হাতত টকা নথকা খোৱাৰাৰ গৰাকীয়ে কিদৰে কোটি কোটি টকাৰ সম্পত্তি গঢ়িবলৈ সক্ষম হ'ল তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in