বানে ধুলে শাক-পাচলিৰ খেতি, হাহাকাৰ অৱস্থা কৃষকৰঃ চৰকাৰী সাহায্যৰ দাবী…

বানে ধুলে শাক-পাচলিৰ খেতি, হাহাকাৰ অৱস্থা কৃষকৰঃ চৰকাৰী সাহায্যৰ দাবী…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত থকা শাক পাচলিৰ খেতি কৰা কৃষক সকলৰ পথাৰ বানৰ পানীয়ে ধুই নিয়াৰ ফলৰ ফচল সম্পূৰ্নৰূপে নষ্ট হৈ পৰাত কৃষক সকলে মূৰে কপালে হাত দিবলগীয়া হোৱাত কৃষক সকলক কৃষি বিভাগৰ জৰিয়তে চৰকাৰী ভাবে আৰ্থিক সহায় কৰিবলৈ কৃষক ৰাইজে দাবী উত্থাপন কৰিছে।

উল্লেখযোগ্য যে, জিলা খনৰ মুঠ ১৫ খনকৈ গাঁও পঞ্চায়ত এলেকাত এইবাৰ ভদিয়া বানৰ সৃষ্টি হোৱাত বিশেষকৈ কৃষি প্ৰধান এলেকা সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়তৰ কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হৈছে। এই পঞ্চায়ত তিনিটাৰ পাচলি খেতি কৰা কৃষকে আলু, বেঙেনা, তিয়াহ, জলকীয়াকে ধৰি প্ৰায় সকলো প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে। ইয়াৰে গোটাবাৰী গাঁও পঞ্চায়ত এলেকাৰ তাঁতীপাৰা গাঁৱৰ আজিয়াল হক নামৰ কৃষক জনে দুটাকৈ গৰু বিক্ৰী কৰি এইবাৰ তিয়াহ খেতি আৰম্ভ কৰিছিল।

প্ৰায় ডেৰ লাখ টকা খৰছ কৰি আৰম্ভ কৰা তিয়াহ খেতিত কেৱল ফচল ধৰিবলৈ আৰম্ভ হোৱাত বানৰ বানপানীৰ সৃষ্টি হয়। বানে কৃষক জনৰ খেতি ধুই নিয়াৰ ফলত ডেৰ লাখ টকীয়া তিয়হ খেতি এইদৰে সম্পূৰ্ণৰূপে নষ্ট হৈ পৰাত কৃষক জনে মূৰে কপালে হাত দিবলগীয়া হৈছে। কৃষি কাৰ্য কৰি উপাৰ্জনৰ পথ বাছি লোৱা এই কৃষকজন আগন্তক দিনত পুনৰ খেতি আৰম্ভ কৰিবলৈ হাতত নাই ধন। ফলত আগন্তক দিনত কেনেকৈ পুনৰ খেতি কৰিব তাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে। সেয়ে চৰকাৰী ভাবে কৃষি বিভাগৰ জৰিয়তে তেওঁক আৰ্থিক সহায় কৰিবলৈ চৰকাৰৰ ওচৰত কৃষক সকলে দাবী উত্থাপন কৰিছে।

বানে ফচল নষ্ট কৰি কৃষকৰ ক্ষতি সাধন হোৱা কেৱল এইগৰাকী আজিয়াল হকে নহয়। পঞ্চায়ত খনৰ অধীনত শ শ কৃষকৰ একেই অৱস্থা হৈছে। মুঠৰ ওপৰত সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত থকা শ শ কৃষকৰ শাক পাচলিৰ খেতি বানে ধুই নিয়াৰ ফলত কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হৈছে। এই ক্ষেত্ৰত জিলা কৃষি বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰে এই সকলক কৃষকক ক্ষতি পূৰণ বা আৰ্থিক সাহায্য প্ৰদান কৰিবনে? চৰকাৰী সহায় অবিহনে এই সকল কৃষকে পুনৰবাৰ খেতি কৰিবলৈ সমৰ্থন হেৰুৱাই পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in