সামান্য মৰাপাটক কেন্দ্ৰ কৰি দুই ফৈদৰ মাৰপিটঃ ৫ জন আহত…

সামান্য মৰাপাটক কেন্দ্ৰ কৰি দুই ফৈদৰ মাৰপিটঃ ৫ জন আহত…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ বিৰসিং-ধেদাইমাৰীত মঙ্গলবাৰে দুপৰীয়া দুই বাণ্ডিল মৰাপাট চুৰি হোৱাক কেন্দ্ৰ কৰি দুই কৃষক ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। ফলস্বৰূপে উভয় পক্ষৰ মহিলা সহ পাঁচজন লোক লোক আহত হয়।

উল্লেখযোগ্য যে বিৰসিং ধেদাইমাৰী গাঁৱৰ আব্দুল কাদেৰ সেখে সোমবাৰে নিজৰ খেতিত উৎপাদন কৰা মৰাপাট খেতি কাটি বাণ্ডিল সাজি খেতিতে জমা কৰি থয়। মঙ্গলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কৃষকজনে খেতি পথাৰলৈ গৈ দুই বাণ্ডিল মৰাপাট চুৰি হোৱা বুলি নিশ্চিত হয়। ইয়াৰ পাছতে তেওঁৰ খেতিৰ কাষতে আছমত আলী নামৰ আন এজন কৃষকে নিজৰ ভূমিত মৰাপাট কাটি থকাৰ বাবে তেওঁৰ মাৰপাটখিনি আছমত আলীয়ে চোৰ কৰা বুলি সন্দেহ কৰে।

ফলত দুই কৃষক ফৈদৰ মাজত মাৰপিট আৰম্ভ হয়। এই মাৰপিটৰ ফলত আছমত আলী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে উভয় ফৈদৰ পুৰুষ-মহিলা সহ মুঠ ৫ জনকৈ লোক আহত হয়। আহত ব্যক্তি কেইজন ক্ৰমে ধৈদাইমাৰী গাৱঁৰ নওসাত আলীৰ পুত্ৰ আছমত আলী (৪৯), আছমত আলীৰ পত্নী মালা খাতুন (৪৪) আৰু আব্দুল কাদেৰ সেখৰ ফৈদৰ আবুল হুছেইনৰ পুত্ৰ আলেপ আলী (২৫), জাফৰ আলীৰ পত্নী ছাহিদা খাতুন (২৭) আৰু আব্দুল কাদেৰৰ পত্নী জোসনা ভানু (৩০) বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে আহত আটাইকেজনক হাস্পাতালত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে উভয় পক্ষৰ পৰা ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰাত ফকিৰগঞ্জ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মাত্ৰ দুই বাণ্ডিল মৰাপাট চুৰি হোৱাক লৈ এইদৰে দুই ফৈদৰ মাজত মাৰপিটত হৈ পুৰুষ-মহিলা সহ ৫ জনকৈ লোক আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in