দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াঃ এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ মাটি-ভেটি নদীৰ বুকুত জাহ…

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াঃ এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ মাটি-ভেটি নদীৰ বুকুত জাহ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ পৰা মাটিফাটা সূৰ্যমনিলৈ প্ৰায় প্ৰতিদিনে ২০-২৫ টা পৰিয়ালৰ মাটি ভেটি নদীৰ বুকুত জাহ যোৱাৰ ফলত বিগত এটা মাহৰ ভিতৰত অঞ্চলটোত ৫৭৭ টা পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যায়।উল্লেখযোগ্য যে, কি মছজিদ, কি শিক্ষানুষ্ঠান, সাধাৰণ লোকৰ ঘৰৰ পৰা আৰম্ভ কৰি খেতি পথাৰলৈ নদীৰ বাঢ়নী পানীত এফালৰ পৰা এইদৰে প্ৰতিদিনে জাহ যাবলৈ আৰম্ভ হৈছে দক্ষিণ শালমাৰাত।

সমষ্টি খনত গৰাখহনীয়া কোনো নতুন কথা নহয়, বানপানী অহাৰ পূৰ্বে প্ৰতি বছৰে ঠায়ে গৰাখহনীয়া হয়। নদীৰ বুকুত জাহ যায় সহস্ৰাধিক লোকৰ ঘৰ দুৱাৰ, হেজাৰ হেজাৰ বিঘা কৃষি ভূমি। এইবাৰো ব্যতিক্ৰম নহ'ল। মাত্ৰ এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ ঘৰ দুৱাৰ এইদৰে নদীৰ বুকুত জাহ গল। ইতিমধ্যে ৫৭৭ টা পৰিয়াল বিভিন্ন চৰকাৰী অনুষ্ঠান, চৰকাৰী প্লেট ফৰ্ম তথা ৰাস্তাৰ উপৰিও একাংশ লোকৰ কৃষি ভূমি ভাড়া লৈ আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে- জিলা প্ৰশাসনৰ পৰা এই সকল খহনীয়াগ্ৰস্থ লোকক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

ইতিমধ্যে মাটিফাটাৰ ধৰ্মীয় অনুষ্ঠান মাদ্ৰাছা, মছজিদ, বজাৰ আদি ভাবুকিত পৰিছে। মছজিদৰ কাষ চাপিছে ব্ৰহ্মপুত্ৰ নদী। ফলত মছজিদৰ সকলো সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰা হৈছে। পিছে শেষ বাৰৰ বাবে মছজিদত এই সকল লোক নামাজ আদায় কৰি গৰাখহনীয়া আৰু নহ'বলৈ প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in