হায়ঃ বিদ্যুৎ বিভাগ! বি পি এল বিদ্যুৎ গ্ৰাহকৰ এমাহৰ বিল আহিল ১৯ হাজাৰ টকা…

হায়ঃ বিদ্যুৎ বিভাগ! বি পি এল  বিদ্যুৎ গ্ৰাহকৰ এমাহৰ বিল আহিল ১৯ হাজাৰ টকা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলঢালা গাঁৱত বিপিএল হিতাধিকাৰী বিদ্যুৎ গ্ৰাহকৰ এমাহৰ বিল ২০০০ টকাৰ পৰা ১৯০০০ টকালৈ অহাত গাঁৱখনত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ তেলঢালা নামৰ পাহাৰীয়া গাঁৱখনৰ প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা পৰিয়ালে চৰকাৰী ভাবে বিপিএলৰ নামত বিদ্যুৎ সংযোগ পাইছিল। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনস্থ মানকাচৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ উপ প্ৰবন্ধকৰ কাৰ্যালয়ৰ পৰা এই সকল গ্ৰাহকক দিয়া হৈছিল বিদ্যুতৰ সংযোগ। প্ৰথম কেইমাহ মান ১০০-২০০ টকালৈ বিল আহিছিল যদিও হঠাত গাঁৱখনৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ যোৱা মে মাহৰ বিদ্যুতৰ বিল ২০০০ টকাৰ পৰা আৰম্ভ কৰি ১৯০০০ টকালৈ অহাত দৰিদ্ৰ পৰিয়াল কেইটাৰ মাজত এক হাহকাৰৰ সৃষ্টি হৈছে।

ঘটনাক লৈ ইতিমধ্যে গাঁৱখনৰ একাংশ সচেতন গ্ৰাহকে মানকাচৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ উপ প্ৰবন্ধকৰ কাৰ্যালয়ত অৱগত কৰিছে যদিও কাৰ্যালয় খনৰ কৰ্মচাৰীয়ে এনে বি পি এল পৰিয়ালৰ বিদ্যুত গ্ৰাহকক পাত্তা নিদিয়াৰ লগতে দূৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। কি ৰহস্য জনক কাৰণত মানকাচৰৰ এই দৰিদ্ৰ পৰিয়াল কেইটালৈ এনে অত্যাধিক বিদ্যুতৰ বিল মানকাচৰ বিদ্যুত বিভাগৰ ফালৰ পৰা দিয়া হৈছে সেয়া অতিকৈ দূৰ্ভাগ্যজনক।

অৱশ্য দুই এজন গ্ৰাহকে এই অত্যাধীক বিল পৰিশোধ কৰিবলৈ গৈ বিভাগৰ দায়িত্বত থকা এছ ডি অ গৰাকীক কাতৰ অনুৰোধ কৰাৰ পাছত একেবাৰে সামন্য পৰিমানে হ্ৰাস কৰা হৈছে যদিও বাকী বিল খিনি আদায় দিবই লাগিব বুলি কোৱাত গ্ৰাহক সকলে বিপাঙত পৰা পৰিলক্ষিত হৈছে। চৰকাৰে ঘৰে ঘৰে বিদ্যুতৰ শ্লগান দি দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া বিদ্যুত সংযোগ দি অতি কম মাহিলী বিলৰ দ্বাৰা গ্ৰাহকে বিদ্যুত ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰতিশ্ৰতি দি আহিছে। কিন্তু মানকাচৰ বিদ্যুত বিভাগৰ এনে চৰম গাফিলতিৰ বাবে গ্ৰাহক সকলে মুৰে-কপালে হাত দিবলগা হৈছে।

তেলঢালা গাঁৱৰ উক্ত দৰিদ্ৰ বিদ্যুত গ্ৰাহকৰ ভিতৰত একাংশ জনে দিনৰ হাজিৰা দিনত নকৰিলে পেটত ভাত নোযোৱা অৱস্থাত কোনো মতে জীয়াই আছে অথচ বিদ্যুত বিভাগৰ এনে চৰম গাফিলতিৰ বাবে এমাহত ১৯০০০ টকালৈ বিল অহাত নিদ্ৰা হৰণ হৈ পৰা পৰিলক্ষিত হৈছে। কোনোবা জনে যদি ঘৰত এটা বা দুটা বাল্ব জলাই আহিছে কোনোবা জনে খুব বেছি এটা ফেন ব্যৱহাৰ কৰে। তাৰ পাছতো এনে অত্যাধীক বিল কেনেকৈ এজন দৰিদ্ৰ পৰিয়ালৰ লোকৰ নামত আহিব পাৰে সেয়া অতিকৈ ৰহস্যজনক।

মন কৰিবলগীয়া বিষয় এয়া যে মানকাচৰ বিদ্যুত বিভাগৰ একাংশ কৰ্মচাৰী নিজকে হিৰো বুলি ভাবি গ্ৰাহক সকলৰ সৈতে কোনো মত বিনিময় নকৰাকৈ যধে মধে বিল প্ৰস্তত কৰাৰ আৰৰ ৰহস্য কি সেয়া চৰকাৰে তদন্ত কৰিলে পোহৰলৈ আহিব। ইফালে মানকাচৰ বিদ্যুত বিভাগৰ ফালৰ পৰা দিনত যদি দুই বা তিনি ঘণ্টাৰ বাবে বিদ্যুত যোগান দিয়া হয় নিশা আকৌ একেদৰে দুই-তিনি ঘণ্টাৰ বাবেহে বিদ্যুত যোগান দি দিনত ৪ ঘণ্টাৰ পৰা খুৱ বেছি ৭-৮ ঘম্টালৈ বিদ্যুত যোগান দি চৰকাৰৰ ২৪ ঘণ্টীয়া বিদ্যুত সেৱা শ্লগানৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হৈছে।

কেৱল এয়াই হয়, মানকাচৰৰ বিদ্যুতৰ কথা কবলৈ গলে দিনত কোনো মতে উতকট গৰমৰ মাজত ফেন চলিলেও সন্ধিয়া ৫ বজাৰ পাছত ঘৰৰ বাল্বখন জলি আছেনে নাই তাক চাবলৈ টৰ্চ লাইট ব্যৱহাৰ কৰিবলীয়া হয়। অৰ্থাত এনেকুৱা ভল্টেজ যোগান দিয়া হয় যি কোনোবা লোকে যদি বিদ্যুত পৰিবাহী তাঁৰ নিশা হাতেৰে চুই দিয়ে তাত কোনো প্ৰভাব নপৰে।

আনহাতে বিদ্যুতৰ ভল্টেজৰ এই সমস্যা কেবল মানকাচৰৰ তেলঢালাতেই নহয়, জিলাখনৰ প্ৰায় প্ৰতিটো স্থানৰ লগতে জিলাৰ সদৰ হাটশিঙিমাৰীতো গ্ৰাহকৰ মাজত একেই পৰিস্থি। বিদ্যুত বিভাগৰ এনে চৰম গাফিলতিক লৈ ইতিমধ্যে স্থানীয় কেবাটাও দল-সংগঠন, ৰাইজে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে বিদ্যুত বিভাগৰ মানকাচৰৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন প্ৰতিবাদ জনাই সমস্যা সমাধানৰ দাবী জনাই আহিছে যদিও জিলা প্ৰশাসনেও জিলাবাসীৰ দাবীৰ প্ৰতি সামান্যতমও সহাৰি নিদিয়াৰ অভিযোগ উঠিছে।

এনে অনিয়মীয়া বিদ্যুত যোগান আৰু ভলটেজৰ অভাৱত ব্যৱসায়ী সকলেও নিজৰ দোকানৰ এটা কম্পিউটাৰ, জেৰক্স মেচিন আদিকে ধৰি কোনো ধৰণৰ মেচিন ব্যৱহাৰ কৰিব পৰা নাই। ফলত একাংশ ধনী শ্ৰেনীৰ ব্যৱসায়ীয়ে শৌৰ শক্তি চালিত ছোলাৰ, জেনেৰেটৰ আদি ব্যৱহাৰ কৰি ব্যৱসায় চলাই আহিছে যদিও মধ্য শ্ৰেনীৰ ব্যৱসায়ীয়ে বিদ্যুতৰ অভাবত দোকান বন্ধ কৰিবলগীয়া পৰিস্থিত হৈ পৰিছে।

একেদৰে জিলাখনৰ ধনী শ্ৰেনীৰ বিদ্যুত গ্ৰাহকে ৩০-৪০ হেজাৰ টকা খৰচ কৰি নিজৰ ঘৰত ভল্টেজ বঢ়াবলৈ ষ্টেপ্লেজাৰ ক্ৰয় কৰি লোৱাত ষ্টেপ্লেজৰ কিনিব নোৱাৰা গ্ৰাহকৰ ভল্টেজ দিনক দিনে হ্ৰাস পাই আহিছে। মুঠৰ ওপৰত জিলাখনত দিনৰ ভাগত ফেন বা টেলিভিশ্যন এটা কোনোমতে চলাব পাৰি যদিও ষ্টেপ্লেজাৰ নহলে মটৰেৰে প্ৰয়োজনীয় পানী তুলিব নোৱাৰি।

মানকাচৰৰ এই বিদ্যুত সমস্যাৰ সমাধান কেতিয়া হব তাৰ উত্তৰ মানকাচৰ বিদ্যুত বিভাগৰ হাতত নথাকৰ লগতে জিলা প্ৰশাসনেও এই বিষয়ে অকমানো গুৰুত্ব নিদিয়াত সাধাৰণ ৰাইজ জীয়াতু ভগি আহিছে। অথচ মাহৰ পাছত মাহ বিদ্যুত বিভাগৰ ফালৰ পৰা গ্ৰাহকৰ বিলৰ বাবদ এটকাও কম নিদিয়াৰ বিপৰীতে তেলঢালা গাঁৱত দুই হেজাৰৰ পৰা ১৯ হেজাৰলৈ বিল অহাৰ জিলাবাসী আতংকিত হৈ পৰিছে।

জানিব পৰা মতে মানকাচৰ বিদ্যুত বিভাগে চৰকাৰৰ ওচৰত পৰ্যাপ্ত বিল আদায় দিব নোৱাৰাৰ বাবে গ্ৰাহকৰ ওপৰত এইদৰে যধে-মধে বিল বনাই চৰকাৰক বিল আদায় দিয়াৰ কৌশল প্ৰস্তত কৰিছে। আমি পোৱা তথ্য সঠিক হলে জিলাখনৰ প্ৰতিজন বিদ্যুত গ্ৰাহকৰ নামত এইদৰে অতিৰিক্ত বিল বিদ্যুত বিভাগে প্ৰেৰণ কৰি গ্ৰাহক সকলক বিপদত পেলাই অকমৰ্ণ্য বিদ্যুত বিভাগে গ্ৰাহকক হাৰাশাস্তি দি আহিব।

সেয়ে ৰাইজে এই বিষয়ে সচেতন হবলৈ দল-সংগঠনে দাবী উত্থাপন কৰাৰ লগতে উক্ত তেলঢালা গাঁৱৰ দৰিদ্ৰ পৰিয়াল কেইটাৰ বিল আদায়ৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ দাবী তুলিছে। অন্যথায় জিলাখনৰ গ্ৰাহক সকলে জিলা উপায়ুক্তৰ কাৰ্যালয় পুনৰ ঘেৰাও কৰাৰ লগতে প্ৰয়োজনত মুখ্য মন্ত্ৰীৰ ওচৰত মানকাচৰ বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব বুলি দৰিদ্ৰ পৰিয়াল কেইটাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in