পুনৰ ব্ৰহ্মপুত্ৰত দুই কিশোৰীৰ সলিল সমাধিঃ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত উদ্ধাৰ ৫ বছৰীয়া শিশু..

পুনৰ ব্ৰহ্মপুত্ৰত দুই কিশোৰীৰ সলিল সমাধিঃ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত উদ্ধাৰ ৫ বছৰীয়া শিশু..

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা: ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ সাতছিয়া বালাটাৰীত সোমবাৰে বিয়লি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যোৱা দুই কিশোৰীৰ মৃতদেহ মঙ্গলবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে সোমবাৰে বিয়লি প্ৰায় ৩ঃ৩০ বজাত দুটি কিশোৰী আৰু এটি ৫ বছৰীয়া শিশু গাঁৱখনৰ ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যায়। তেনে সময়তে তিনিও জন নোখোজ হৈ পৰাত নদীৰ পাৰত থকা লোকৰ মাজত হৈ চৈৰ সৃষ্টি হয়। লগে লগে স্থানীয় লোকসকলে ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়াৰ লগতে ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ৰফিকুল ইছলাম (৫) নামৰ শিশুটিক ৰাইজে কোনো মতে উদ্ধাৰ কৰে যদিও কিশোৰী দুগৰাকী নিখোজে হৈ পৰে। ইফালে বিয়লি প্ৰায় ৪.৩০ বজাত ফকিৰগঞ্জ আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনী ঘ্টনাস্থলী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও নিশা প্ৰায় ৭ বজালৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।

ইফালে মঙ্গলবাৰে পুৱাৰ ভাগত পুনৰ আৰক্ষী-এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলোৱাত পুৱা প্ৰায় ৮ঃ৩০ বজাত নদীৰ মাজৰ পৰা কিশোৰী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীক ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ গোছাইডুবি গাঁৱৰ জয়নাল মুন্সীৰ জীয়ৰী আন্না ভানু (১০) আৰু কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপূৰ থানা এলেকাৰ অধীনস্থ শিমলু তাবুৰ গাঁৱৰ জাহেদুল ইছলামৰ জীয়ৰী জমিলা খাতুন (৮) বুলি পৰিচয় পোৱা গৈছে।

আনহাতে উদ্ধাৰ হোৱা ৰফিকুল ইছলাম (৫) সলিল সমাধি হোৱা জমিলা খাতুনৰ কনিষ্ঠ ভাতৃ। দুয়ো কোকৰাঝাৰ জিলাৰ পৰা পৰা মাতৃৰ সৈতে ককাদেউতাকৰ ঘৰত ফুৰিবলৈ আহি নদীত গা ধুবলৈ গৈ এই অঘটন সংঘটিত হয়।

ইতিমধ্যে মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ"লে মৃতদেহ দুটা পৰিয়ালক গতাই দিয়া হ'ব বুলি ফকিৰগঞ্জ আৰক্ষীয়ে জানিবলৈ দিয়ে। এই ঘটনাই সমগ্ৰ ফকিৰগঞ্জ এলেকাত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in