দক্ষিণ শালমাৰাৰ ৰাভাটাৰী বালুঘাটত ইৰি ধানৰ খেতিত মেঘালয়ৰ গাৰো পাহাৰৰ পানী, শতাধিক কৃষকৰ খেতি নষ্ট…

দক্ষিণ শালমাৰাৰ ৰাভাটাৰী বালুঘাটত ইৰি ধানৰ খেতিত মেঘালয়ৰ গাৰো পাহাৰৰ পানী, শতাধিক কৃষকৰ খেতি নষ্ট…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ এফালে বৰলুইতৰ বাঢ়নী পানী আনফালে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ ৰঙা পানীৰ সন্ত্ৰাসত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ৰাভাটাৰী-বালুঘাটত হেজাৰ হেজাৰ বিঘা ইৰি ধানৰ খেতিৰ ফচল নষ্ট হৈ যোৱাত অঞ্চলটোৰ কেবা শতাধিক কৃষকে মূৰে কপালে হাত দিবলগা হৈছে।

উল্লেখযোগ্য যে ফেণীৰ ফলত হোৱা বৰষুণৰ বাবে এইবাৰ অইন বছৰতকৈ আগতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীত পানী ওপঙি উঠি ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিৰ একাংশ স্থানত ইতিমধ্যে হোৱা বানপানীৰ ফলত বাট পথ বুৰাই যাতায়তৰ ব্যৱস্থা অচল কৰি তুলিছে। এনে সময়ত অসম মেঘলায় সীমান্তবৰ্তী দক্ষিণ শালমাৰা সমষ্টিৰ ৰাভাটাৰী গাঁও পঞ্চায়তৰ বালু ঘাট অঞ্চলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ ৰঙা মাটি মিহলোৱা পানীৰ ডল জিনজিৰাম নদীৰে আহি বুৰাই পেলাইছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি।

অঞ্চলটোত শতকৰা প্ৰায় ৯৫ শতাংশ লোক কৃষিজীৱী। কৃষক সকলে পৰিয়ালক পোহপাল দিয়াৰ বাবে বছৰত এবাৰ ইৰি ধানৰ খেতি কৰি বছৰটোৰ আহাৰৰ ব্যৱস্থা কৰে। যাৰ বাবে কৃষকে ইৰি ধানৰ খেতি কৰে। এইবাৰো কৃষক সকলে ইৰি ধানৰ খেতি কৰিছে। আশা কৰা ধৰণে পথাৰত সেউজীয়া ধানে সেউজ বিপ্লৱৰ সৃষ্টি হৈছিল যদিও আগতীয়া বানৰ ফলত ফচল বুৰাই পেলায়। আৰু মাত্ৰ ১৫/২০ টা দিন গলেই পথাৰৰ পৰা কৃষক সকলে ধান কাটি ঘৰত নিব পৰিল হয়। কিন্তু দুৰ্ভাগ্যজনক ভাবে এইদৰে গাৰো পাহাৰৰ পানী নামি আহি অঞ্চলটো বুৰাই পেলায়।

লাভ কৰা তথ্য অনুসৰি আব্দুল কৰিম শেখ, মৰিয়ম বেগম, ছাকিম উদ্দীন, আব্দুল ছামাদ শেখ, জেলাল উদ্দীন সিকদাৰ, নাচিৰ উদ্দীন, আঞ্জাৰ আলি, মজিবৰ ৰহমান, কোবাদ মণ্ডল, আঞ্জু মনোৱাৰা বেগম, আয়নাল হক, আব্দুল কৰিম, আবুল কালাম আজাদ, কফিল উদ্দীনকে ধৰি কেবা শতাধিক কৃষকৰ খেতি নষ্ট হয়। চৰকাৰী কোনো আঁচনিৰ সাহায্য লাভ নকৰাকৈ কৃষক সকলে প্ৰতিবছৰে কৃষি কৰি আহিছে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে কৃষি বিভাগৰ জৰিয়তে কৃষান যোজনা আঁচনিৰ জৰিয়তে কৃষক সকলক সা সজুলি তথা বীজ ক্ৰয়ৰ বাবে একাউন্টত টকা দিয়া হৈছিল। এই কৃষান যোজনা আঁচনিৰ পৰা প্ৰকৃত কোনো কৃষকে তাৎপৰ্যপূৰ্ণ ভাবে এটকাও লাভ নকৰাৰ বিপৰীতে একাংশ দালাল তথা ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে কৃষি বিষয়াক মেনেজ কৰি নিজৰ নিজৰ একাউন্টত ভৰাই দিয়াৰ অভিযোগ উঠিছিল।শেহতীয়াকৈ ৰাভাটাৰী বালু ঘাট অঞ্চলৰ কৃষক সকলেও এনে আঁচনিৰ ধন একাংশই নাপালে বুলি অভিযোগ কৰিছে।

মন কৰিবলগীয়া বিষয় এয়া যে কৃষৰ ফচল নষ্ট হলে মোদী চৰকাৰে প্ৰধান মন্ত্ৰী ফচল ভীমা আঁচনিৰ এখন আঁচনি মুকলি কৰিছে। ইতিমধ্যে নষ্ট হোৱা এনে কৃষকে এই আঁচনিৰ ধন পাবনে ? কৃষক সকলক ক্ষতি পূৰণ দিয়াৰ বাবে কৃষক সকলে দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in