দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি…

দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ জিলা পৰিষদ এলেকাৰ সাতখনকৈ গাঁৱ পঞ্চায়ত এলেকাত ব্ৰহ্মপুত্ৰ নদীয়ে তাণ্ডবলীলা চলাই শ শ পৰিয়ালক গৃহহাৰা কৰাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ মাজত যোৱা দেওবাৰে বিয়লি প্ৰায় ৩ বজাত জিলা পৰিষদ সদস্য আৰু সাতটাকৈ পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত বিশাল গণ সমাবেশৰ আয়োজন কৰি দান-বৰঙনিৰে ৰাইজে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ডঃ জাকিৰ হুছেইন, পামপাৰা চতলাৰপাৰ গাও পঞ্চায়তৰ সভাপনেত্ৰীৰ স্বামী সহিদুৰ ৰহমানকে ধৰি জিলা পৰিষদ এলেকাৰ সাতটাকৈ গাঁৱ পঞ্চায়তৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে স্থানীয় আছু, আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত এক বিশাল গণ সমাবেশৰ আয়োজন কৰা হয়। উক্ত দিনা বিয়লি প্ৰায় তিনি বজাত অনুষ্ঠিত গৰাখহনীয়া প্ৰতিৰোধাৰ বিশাল গণ সমাবেশ খনত কংগ্ৰেছ-বিজেপি, এআইইউডিএফকে ধৰি প্ৰায় প্ৰতিটো দলৰ লোক উপস্থিত থাকে।

জিলা পৰিষদ এলেকাটোৰ সাতটাকৈ পঞ্চায়তৰ লগতে পামপাৰা চতলাৰপাৰ, বাউসকাটা, ফকীৰগঞ্জ আদি গাওঁ পঞ্চায়তত এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াবহভাবে গৰাখহনীয়া চলাই থকা পৰিলক্ষিত হৈছে। গৰাখহনীয়াৰ ফলত শ শ ৰাইজৰ মাটি-ভেটি জাহ যোৱাত আশ্ৰয়হীন হৈছে একাংশ লোক। ইয়াৰে একাংশজনে চৰকাৰী প্লেটফৰ্মত আশ্ৰয় লৈছে যদিও আন একাংশ প্লেটফৰ্মত ঠাই নোপোৱাৰ বাবে কোনোমতে কৃষকৰ পথাৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে।

চৰকাৰৰ ওচৰত বাৰে বাৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও চৰকাৰে অঞ্চলটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আনহাতে ইতিমধ্যে চৰকাৰী ভাবে কোটি কোটি টকা আবণ্টন দিয়াৰ ফলত উক্ত টকাৰে দূৰ্নীতিগ্ৰস্থ ঠিকাদাৰ সকলে কোনোমতে নিম্ন মানৰ কাম কৰি আতৰি যোৱাৰ পাছতেই নদীয়ে উটুৱাই নিয়ে কোটি কোটি টকাৰ প্ৰতিৰোধৰ কাম। ফলত চৰকাৰৰ প্ৰতি ৰাইজে আস্থা হেৰুৱাইছে বুলি উক্ত গণ সমাবেশ খনত প্ৰকাশ কৰে। তদুপৰি নদীয়ে যি হাৰত গৰাখহনীয়া চলাই আছে এনেকৈ চলি থাকিলে এটা সময়ত ফকিৰগঞ্জ এলেকাটো ব্ৰহ্মপুত্ৰ নদীৰ ৰূপ ধাৰণ কৰিব।

মুঠৰ ওপৰত ফকিৰগঞ্জবাসীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কোনে ক'ত আশ্ৰয় ল'ব তাক লৈ অঞ্চলটোত এতিয়া যুদ্ধ দিহিং অৱস্থা। ফলস্বৰূপে এইদৰে দেওবাৰে গণ সভাৰ জৰিয়তে সিদ্ধান্ত লোৱা হয় যে ৰাইজে এইবাৰ ফকিৰগঞ্জ অঞ্চলৰ প্ৰতিটো লোকৰ ঘৰৰ পৰা দান-বৰঙনি উঠাই নদীৰ গৰাখহনীয়াৰ স্থায়ী কাম কৰিব। ইফালে পঞ্চায়ত উন্নয়নৰ বাবে চৰকাৰে আবণ্টন দিয়া ধন খিনিৰ দ্বাৰাও পঞ্চায়ত প্ৰতিনিধি সকলে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in