মোবাইল আসক্তসকলৰ বাবে উদ্ভাৱন হ’ল তৃতীয় চকু…

মোবাইল আসক্তসকলৰ বাবে উদ্ভাৱন হ’ল তৃতীয় চকু…

মোবাইল আসক্তসকলৰ বাবে উদ্ভাৱন হ'ল তৃতীয় চকু…

ডিজিটেল ডেস্কঃ আপুনি অত্যাধিক মোবাইল ব্যৱহাৰ কৰে নেকি? মোবাইলৰ প্ৰতি আপোনাৰ আসক্তি অত্যাধিক নেকি? অত্যাধিক মোবাইলৰ আসক্তিয়ে আপোনাক যদি চলা-ফুৰা কৰাত অসুবিধাৰ সৃষ্টি কৰিছে তেনে আপোনাৰ আৰু এতিয়া চিন্তাৰ কোনো কাৰণ নাই। কিয়নো আপোনাৰ বাবে আহি আছে এটা তৃতীয় চকু।

সততে দেখিবলৈ পোৱা যায় মোবাইলৰ প্ৰতি অত্যাধিক আসক্ত একাংশ ব্যক্তিয়ে বাটে-পথে মোবাইল ব্যৱহাৰ কৰাৰ ফলত নানান অসুবিধাৰ সন্মুখীন হয়। কোনোৱে যদি ক'ৰবাত উজুটিয়াই আন কোনোৱে আকৌ য'তে-ত'তে খুন্দিয়াই আঘাটৰ সন্মুখীন হ'বলগীয়া হয়। এনেধৰণৰ লোকসকলৰ বাবে দক্ষিণ কোৰিয়াৰ পৰা আহিছে এক সুখবৰ। মোবাইলৰ প্ৰতি আসক্ত ব্যক্তিসকলৰ বাবে দক্ষিণ কোৰিয়াৰ এগৰাকী ডিজাইনাৰে উদ্ভাৱন কৰি উলিয়াইছে এটা তৃতীয় চকু ।

দক্ষিণ কোৰিয়াৰ ২৮ বৰ্ষীয় ইণ্ডাষ্ট্ৰীয়েল ডিজাইনাৰ পায়েং মিন-উকে উদ্ভাৱন কৰি উলিয়াইছে এটা বিশেষ কেমেৰাৰ জৰিয়তে এই তৃতীয় চকুটো।প্ৰকাশিত খবৰ মতে খোজ কাঢ়ি থকাৰ সময়ত ক'ৰবাত খুন্দা খোৱাৰ উপক্ৰম হ'লে ব্যক্তিজনৰ মূৰত  সংযুক্ত হৈ থকা বিশেষ কেমেৰাৰ এই তৃতীয় চকুৱে সংকেত প্ৰদান কৰিব। ব্যক্তিজনৰ হাতত থকা মোবাইললৈ এই তৃতীয় চকুটোৱে প্ৰেৰণ কৰা সংকেটৰ ফলত মোবাইলৰ পৰা এক শব্দ নিৰ্গত হ'ব।

দক্ষিণ কোৰিয়াৰ ৰয়েল কলেজ অৱ আৰ্ট আৰু ইম্পেৰিয়েল কলেজৰ পৰা ইনভেনচন ডিজাইন বিষয়ত ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰা পায়েং মিন-উকে উদ্ভাৱন কৰা এই তৃতীয় চকুটোৱে কোনো এটা বস্তুৰ ২ মিটাৰ ব্যৱধানত থকাৰ পৰাই সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম।পায়েং মিন-উকৰ মতে আগন্তুক সময়ত তেওঁৰ এই উদ্ভাৱনে মানুহক যথেষ্ট সহায় কৰিব।    

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in