লোমহৰ্ষক ঘটনা! মহিলা আৰক্ষী কনিষ্ঠবলৰ দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ…

লোমহৰ্ষক ঘটনা! মহিলা আৰক্ষী কনিষ্ঠবলৰ দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ…

ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। এগৰাকী মহিলা আৰক্ষী কনিষ্ঠবলৰ দেহত এজন ব্যক্তিয়ে অগ্নিসংযোগ কৰাৰ ফলত মৃত্যুক সাৱটে মহিলাগৰাকীয়ে। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, মহিলা আৰক্ষী কনিষ্ঠবল গৰাকী মাৱেলিক্কাৰাৰ বল্লীকুন্নম আৰক্ষী থানাত কৰ্তব্য পালন কৰাৰ পাছত ঘৰ অভিমুখে গৈ থকা পথত অভিযুক্তই পেট্ৰ'ল ঢালি অগ্নিসংযোগ কৰে।

আৰক্ষীয়ে লগতে জনাই যে, অগ্নিসংযোগ কৰাৰ ফলত মহিলা কনিষ্ঠবলগৰাকীৰ মৃত্যু হয়। ইফালে, আৰক্ষীয়ে অভিযুক্তগৰাকীক জিম্মাত লৈছে। মহিলা কনিষ্ঠবলগৰাকীৰ দেহত অগ্নিসংযোগ কৰাৰ সময়ত অভিযুক্তও আহত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যে, কিয় অভিযুক্তগৰাকীয়ে মহিলা কনিষ্ঠবলগৰাকীৰ দেহত অগ্নিসংযোগ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in