অগপ-এআইউডিএফৰ ভেটি উচন! দক্ষিণ-পূৱ সৰুক্ষেত্ৰী কংগ্ৰেছৰ দখলত

অগপ-এআইউডিএফৰ ভেটি উচন! দক্ষিণ-পূৱ সৰুক্ষেত্ৰী কংগ্ৰেছৰ দখলত

ডিজিটেল সংবাদ, চেঙাঃ সৰুক্ষেত্ৰী সমষ্টিৰ ১৫ নং দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ লগতে ৭ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদখন এইবাৰ কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হৈছে। এআইইউডিএফৰ দখলত থকা ১৫ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তখনত এইবাৰ কংগ্ৰেছ দলৰ সভাপতি, আঞ্চলিক সদস্যৰ লগতে পাঁচোটাকৈ ৱাৰ্ডৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

পঞ্চায়তখনত সভাপতি পদৰ প্ৰাৰ্থী কংগ্ৰেছৰ জেচমিনা চুলতানাই অগপ দলৰ অপ্সৰা বেগমক ১২৪ টা ভোটাৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়। জেচমিনা চুলতানাই মুঠ ৩৪৭১টা ভোট লাভ কৰাৰ বিপৰীতে অপ্সৰা বেগমে লাভ কৰে ৩৩৪৭টা ভোট। আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ ইমৰাণ আলী জয়লাভ কৰে। সদস্য পদত কংগ্ৰেছ দলৰ আৰবিন চুলতানা, আচমিনা খাতুন, মাজেদা বেগম, মনোৱাৰা বেগম আৰু ছাজিয়া বেগম নিৰ্বাচিত হয়।

নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰি ২ নং ৱাৰ্ডত জিয়াউৰ ৰহমান, ৩ নং ৱাৰ্ডত জিয়াউৰ ৰহমান আৰু ৯ নং ৱাৰ্ডত চামনুৰ আলীয়ে সদস্য হিচাপে নিৰ্বাচিত হয়। আনহাতে ৪ নং ৱাৰ্ডত অগপৰ মফিজুৰ ৰহমান আৰু ৮ নং ৱাৰ্ডত এআইইউডিএফৰ হাতেম আলীয়ে সদস্য হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে, ৭ নং জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বাবুল আলীয়ে বিপুল ভোটত জয়লাভ কৰে। বাবুল আলীয়ে বিজেপি দলৰ প্ৰাৰ্থী প্ৰাঞ্জল শৰ্মাক ৩১৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়। কংগ্ৰেছৰ বাবুল আলীয়ে মুঠ ১০,৭৭৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়। বাবুল আলীৰ চমকপ্ৰদ বিজয়ত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ কৰ্মী-সমৰ্থক। শুকুৰবাৰে বাবুল আলীসহ কৰ্মী-সমৰ্থকসকলে এক ৰেলী উলিয়াই বিজয় উৎসৱ পালন কৰে।

ইফালে অগপৰ দখলত থকা ৭ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদ আৰু ১৫ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হৈছে। কাৰ্যতঃ দক্ষিণ-পূৱ সৰুক্ষেত্ৰীৰ জিলা পৰিষদ সমষ্টিত অগপ আৰু এআইইউডিএফৰ ভেটি খহাবলৈ সক্ষম হৈছে কংগ্ৰেছ দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in