শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি…

1,983

ডিজিটেল ডেস্কঃ ইংলেণ্ড ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ বেন ষ্টকছে খেলৰ সময়ত অশালীন মন্তব্য কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ক্ৰিকেটাৰজনক তেওঁৰ খেলৰ আয়ৰ ১৫ শতাংশ জৰিমণা বিহাৰ লগতে ‘ডিমেৰিট পইণ্ট’ প্ৰদান কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ সময়ত বেন ষ্টকছে ষ্টেডিয়ামত উপস্থিত থকা এজন দৰ্শকক উদ্দেশ্যি অশালীন মন্তব্য কৰিছিল।

ইয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল অৰ্থাৎ আইচিচিয়ে ক্ৰিকেটাৰজনক আইচিচিৰ আচৰণবিধি উলংঘা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে আৰু তেওঁৰ মেটছ ফী’ৰ ১৫ শতাংশ জৰিমণা বিহে। লগতে ক্ৰিকেটাৰজনক এটা ‘ডিমেৰিট পইণ্ট’ও প্ৰদান কৰে আইচিচিয়ে। ক্ৰিকেটাৰ বেন ষ্টকছে খেলৰ কেইবাঘণ্টা পিছত তেওঁৰ ভুল স্বীকাৰ কৰে আৰু তাৰ বাবে ক্ষমা খোজে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি