চিৰাঙৰ নয়টামাৰা গাঁৱত অজগৰ উদ্ধাৰ…

চিৰাঙৰ নয়টামাৰা গাঁৱত  অজগৰ উদ্ধাৰ…

ডিজিটেল সংবাদ,চিৰাংঃ চিৰাং-কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী নয়টামাৰা গাঁৱত শনিবাৰে দুপৰীয়া উদ্ধাৰ হয় প্ৰায় দহফুট দৈৰ্ঘ্যৰ এডাল প্ৰকাণ্ড অজগৰ সাপ। খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা অজগৰটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছত সৰ্পবন্ধু হিচাপে পৰিচিত স্থানীয় সাংবাদিক জয়ন্ত দেৱনাথক খবৰ দিয়ে।

পৰৱৰ্তী পৰ্যায়ত জয়ন্ত দেৱনাথে অজগৰটো উদ্ধাৰ কৰি বাসুগাঁও বনবিভাগৰ হাতত গতাই দিয়ে । উৎসুক জনতাৰ কবলত পৰি আহত হোৱা অজগৰ সাপডালক বনবিভাগে কোকৰাঝাৰ জিলাৰ চৰাইখোলাস্থিত বন্য জীৱৰ চিকিৎসালয়ত চিকিৎসা কৰি বনাঞ্চলত এৰি দিয়া হব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in