সোণতলীৰ আৰিকাটিত জনজাগৰণ যাত্ৰা-সজাগতা সভা সম্পন্ন

সোণতলীৰ আৰিকাটিত জনজাগৰণ যাত্ৰা-সজাগতা সভা সম্পন্ন

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ আৰিকাটিত সোমবাৰে বাল্য বিবাহ, শিশু শ্ৰমিক, নাৰী শিক্ষাত গুৰুত্ব দিয়া ইত্যাদি বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্য এখনি জনজাগৰণ যাত্ৰা আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ জানিব পৰা মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰ কল্যাণ মঞ্চৰ উদ্যোগত সোণতলীৰ আৰিকাটিস্থিত মোনছেৰ আলী মেম'ৰিয়েল একাডেমিৰ সহযোগত সেইদিনা আৰিকাটি বজাৰৰ পৰা পানীখাইতী বজাৰলৈ এক সজাগতামূলক সমদল উলিওৱা হয়৷

সমদলকাৰীসকলে চৰ-চাপৰিত বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া, জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, শিক্ষাৰ জাগৰণ গঢ়ি তোলা, অন্ধ বিশ্বাস আৰু কুসংস্কাৰ ৰোধ কৰা আদি শ্ল'গানো দিয়ে৷

পিচত পানীখাইতী বজাৰ প্ৰাংগণত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক জাহিদুল ইছলাম, ৰেহনা চুলতানা, ৰুহুল আমিন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষাৰ্থী যথাক্ৰমে-মৰ্জিনা আহমেদ, মাহফুজাতুন নেছা, মাৰ্জিনা আকন্দ, আবিদুৰ ৰহমান, মাহবুব, মোশ্বাৰফ আলম, আবুল বাসাৰ, হাফিজুৰ ৰহমান, নাগৰিক অধিকাৰ সংস্থাৰ সমন্বয়ক আক্ৰাম হুছেইনে বাল্য বিবাহ, শিশু শ্ৰমিক, নাৰী শিক্ষা, অন্ধ বিশ্বাস আদিৰ উপৰি জনসংখ্যা ৰোধ কৰা সন্দৰ্ভত বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অনিৰ্দিষ্ট কাললৈ অসমৰ বিভিন্ন প্ৰান্তৰ চৰাঞ্চল তথা সংখ্যালঘু অধ্যূষিত এলেকাত 'জনজাগৰণ যাত্ৰা' অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in