সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল…

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ একাংশ মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতি আৰু অনিয়মৰ কাহিনী শুনিলে চকু কপালত উঠিব। যোৱা ৬ বছৰে স্থায়ী অধ্যক্ষ নিযুক্তি অবিহনেই চলি থকা সোণতলী আঞ্চলিক মহাবিদ্যালয়ত অস্থায়ী অধ্যক্ষৰ পৃষ্ঠপোষকতাক ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা তথ্য পোহৰলৈ অহাৰ পাছতো ৰহস্যজনকভাৱে এই অধ্যক্ষজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই উৰ্ধতম কৰ্তৃপক্ষই।

১৯৮৭চনত স্থাপন কৰা সোণতলী আঞ্চলিক মহাবিদ্যালয় প্ৰাদেশিকীকৰণ হৈছিল ২০১৩চনত। আৰু তেতিয়াৰ পৰাই এই মহাবিদ্যালয়ত বৰ্তমানেও অধ্যক্ষ ৰূপে অস্থায়ী দায়িত্বত থকা আবুল কালাম আজাদৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ গ'ৱৰ্ণিং বডিয়ে বহু অভিযোগ দাখিল কৰিছে যদিও, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আজিও।

প্ৰণিধানযোগ্য যে, অস্থায়ী ৰূপে থকা এই অধ্যক্ষগৰাকীয়ে চৰকাৰী অনুদানৰ ধন নিজ ইচ্ছানুসৰি ব্যয় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ চিঠি নং জি (বি) এ চি-৯৫ ২০১৬-১৩ তাংঃ ৩০-০৮-২০১৬ যোগে মহাবিদ্যালয়খনৰ বিত্তীয় ক্ষমতা এগৰাকী জ্যেষ্ঠ অধ্যাপক দিবলৈ নিৰ্দেশ দিছিল।

যিহেতু মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষ নাই সেয়েহে এই নিৰ্দেশযোগে ডিডিঅ' হিচাপে মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক নাছাদ আলী আহমেদক বিত্তীয় ক্ষমতা দিবলৈ নিৰ্দেশ দিয়াৰ পাছতো সেই নিৰ্দেশ কাৰ্যকৰী নকৰিলে অস্থায়ী অধ্যক্ষগৰাকীয়ে।

অধ্যক্ষগৰাকীৰ মইমতালি আৰু অনিয়মৰ বিৰুদ্ধে উচ্চ শিক্ষা সঞ্চালকালয় কামৰূপ উপায়ুক্তকে ধৰি বহু ঠাইত ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে। আনকি সোণতলী আঞ্চলিক কলেজৰ গ'ৱৰ্ণিং বডিৰ সভাপতিয়েও এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীলৈও ১৩ ছেপ্টেম্বৰ, ২০১৯ত পত্ৰ প্ৰেৰণ কৰিছে।

ৰহস্যজনকভাৱে এই বিত্তীয় ক্ষমতা জ্যেষ্ঠ অধ্যাপকগৰাকীক তিনি মাহৰ বাবে দিয়া হয় যদিও, অস্থায়ী অধ্যক্ষগৰাকীয়ে তেওঁৰ হাততেই সকলো বিত্তীয় ক্ষমতা ৰাখি চৰকাৰী অনুদানৰ ধন, ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰূপে তোলা ধন, নিজৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰাৰ লগতে সেইবোৰৰ হিচাপ দাখিলতো ব্যৰ্থ হৈছে।

কিন্তু বিভাগীয় নীতি অনুসৰি এই ধন ব্যয়ৰ বাবে বিত্তীয় ক্ষমতা দিয়া অধ্যাপকগৰাকীক আঁতৰত ৰাখি নিজ ইচ্ছানুসৰি মহাবিদ্যালয়খনত লুণ্ঠৰাজ চলাইছে বুলি অভিযোগ তুলিছে মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে।

আনকি গ'ৱৰ্ণিং বডিয়েও এই সন্দৰ্ভত বিহীত ব্যৱস্থা ল'বলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ স্বত্তেও সেই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। উচ্চ শিক্ষা সঞ্চালকালয়ক মেনেজ কৰি এইদৰে অনীতিগতভাৱে বিত্তীয় ক্ষমতা নিজৰ লগত ৰাখি মহাবিদ্যালয়খনত লাখ লাখ টকাৰ দুৰ্নীতি সংঘঠিত কৰি হৈছে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ বৰ্তমানৰ অস্থায়ী অধ্যক্ষ আবুল কালাম আজাদে।

১৯ অক্টোবৰ, ২০১৯ত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকে এক নিৰ্দেশ যোগে মহাবিদ্যালয়খনৰ সকলো একাউণ্ট আৰু ধনৰ লেনদেনৰ তথ্য , চেকবুক ডিডিঅ'গৰাকীক দিবলৈ এক নিৰ্দেশ দিছিল। এই নিৰ্দেশত সঞ্চালকে উল্লেখ কৰিছিল যে, মহাবিদ্যালয়ৰ ধন অপব্যৱহাৰ আৰু ইয়াৰ হিচাপ সঠিকভাৱে নোহোৱা ইত্যাদি বিষয় সমূহৰ সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত অতি শীঘ্ৰেই তেওঁক সেই সকলো বেংক একাউণ্টৰ নথিপত্ৰৰ লগতে চেক বুক ডিডিঅ' নাছাদ আলী আহমেদক দিয়াৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱালে ।

নিয়ম মাফিকভাৱে কেইখন মান চেক আৰু কেইটামান শিতানৰধনৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে এই অস্থায়ী অধ্যক্ষগৰাকীয়ে । অধ্যক্ষগৰাকীয়েও ইয়াৰ পূৰ্বে ৯ মে', ২০১৯ত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকলৈ লিখা এক পত্ৰত ৪ মে', ২০১৯ত গ'ৱৰ্ণিং বডিৰ সভাত ২৬ এপ্ৰিলত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পত্ৰ সন্দৰ্ভত আলোচনা কৰি ডিডিঅ' নাছাদ আলী আহমেদক সকলো বিত্তীয় ক্ষমতা প্ৰদান কৰা বুলি জনাইছিল। কিন্তু সেয়া আছিল ভেকোভাওনা।

আনকি ৩০ ছেপ্টেম্বৰ, ২০১৯ত এই অস্থায়ী অধ্যক্ষগৰাকীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ অমান্য কৰি ডিডিঅ'গৰাকীক বিত্তীয় ক্ষমতা প্ৰদান নকৰা সন্দৰ্ভত শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈও আন এক অভিযোগ প্ৰেৰণ কৰা হৈছিল।

ইতিমধ্যে কেইবাবাৰো উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ অমান্য কৰা অস্থায়ী অধ্যক্ষ গৰাকীয়ে কলেজলৈ অহা ধন অপব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছিল ২০১১চনৰ ১১ আগষ্টত। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অডিট মহাবিদ্যালয়খনৰ ২,৪৫,০০০ হাজাৰ টকা অপব্যৱহাৰ কৰা তথ্য ধৰা পৰিছিল।

ইফালে, এই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আলোচনী প্ৰকাশৰ বাবে ধন সংগ্ৰহ কৰা হয় যদিও, বিগত ভালে কেইবছৰ ধৰি প্ৰকাশ কৰা হোৱা নাই কোনো আলোচনী। এই সংগ্ৰহৃত ধনৰ শিতানত বৰ্তমান মাত্ৰ ৩৫,১৬২ টকাহে জমা আছে।

এই ধনৰ বিত্তীয় ক্ষমতা ডিডিঅ' গৰাকীক প্ৰদান কৰিছে যদিও, প্রশ্ন উঠিছে যোৱা কেইবছৰত ৭ লাখৰো অধিক ধন এই শিতানৰ পৰা হৰলুকি হৈছে। যিবোৰৰ হিচাপ দিয়া নাই অস্থায়ী অধ্যক্ষগৰাকীয়ে। তেওঁৰ বিৰুদ্ধে উত্থাপিত এনে বিত্তীয় কেলেংকাৰীৰ পাছতো গ'ৱৰ্ণিং বডিৰ নিৰ্দেশনা অনুসৰি এতিয়ালৈকে কোনো ইন্টাৰনেল অডিটৰ ব্যৱস্থা কৰা হোৱা নাই।

মহাবিদ্যালয়খনৰ ইন্টাৰনেল অডিতৰ বাবে গ'ৱৰ্ণিং বডিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল দুবাৰকৈ। ২৭-১০-২০১৮ত আৰু ৪-০৫-২০১৯ত মহাবিদ্যালয়খনৰ ইন্টাৰনেল অডিটৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি অডিটৰ নিয়োগ কৰাৰ পাছতো কোনো তথ্যই দাখিল নকৰিলে অধ্যক্ষগৰাকীয়ে।

নিজ ইচ্ছানুসৰি মহাবিদ্যালয়ৰ ধন আৰু ছাত্ৰ-ছাত্ৰীৰ ধন অপব্যৱহাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত এই অস্থায়ী অধ্যক্ষজনে মহাবিদ্যালয়খনৰ কেচ বুক বা আন বিত্তীয় তথ্যপাতি ডিডিঅ'ৰ হাতত দাখিল কৰিলে তেওঁৰ পৃষ্ঠপোষকতাত সংঘঠিত কেইবা কোটি টকাৰ দুৰ্নীতি ফাদিল হোৱাৰ সম্ভাৱনা আছে।

অভিযোগ অনুসৰি, এই অস্থায়ী অধ্যক্ষগৰাকীয়ে ইউ জি চিয়ে অনুদান দিয়া দুমহলীয়া ছাত্ৰী নিবাসৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত কৰিছে। ইয়াৰ বাবে দিয়া পুঁজিৰ ৪০ লাখৰ কোনো ব্যয়ৰ হিচাপ দিব পৰা নাই অধ্যক্ষগৰাকীয়ে।

এম এছ ডি পিৰ ফাণ্ডৰে ক্লাছ ৰূপ নিৰ্মাণৰ নামতো ব্যাপক কেলেংকাৰীৰ অভিযোগত অভিযুক্ত হৈছে এই অস্থায়ী অধ্যক্ষগৰাকী। সেইদৰে খেলপথাৰৰ আৰ্টিফিলিঙৰ নামতো যথেষ্ট ধনৰ ইহাত সিহাত কৰাৰ অভিযোগ আছে এই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে।

সেয়েহে মহাবিদ্যালয়ৰ বিত্তীয় সকলো তথ্যপাতি নিজৰ হাতত ৰাখি প্ৰয়োজনত সেইবোৰ ধ্বংস কৰি দিয়াৰো ভাবুকি দিছে এই অস্থায়ী অধ্যক্ষজনে। ইমানবোৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈ থকাৰ পাছতো তেওঁৰ বিৰুদ্ধে কিয় উচ্চ শিক্ষা সঞ্চালকালয়ে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া এক সাঁথৰ হৈ পৰিছে ডিডিঅ'গৰাকীৰ বাবে।

আনকি বৰ্তমান ডিডিঅ' হিচাপে থকা জ্যেষ্ঠ অধ্যাপকগৰাকীয়ে এই সন্দৰ্ভত যথেষ্ট শংকা ব্যক্ত কৰি বিভাগীয় নীতি অনুসৰি এই কেলেংকাৰী পোহৰলৈ আহিলে বিত্তীয় ক্ষমতা বিভাগীয়ভাৱে তেওঁৰ হাতত দিয়া সূত্ৰে তেওঁহে জবাবদিহী হ'ব লাগিব বুলি উৰ্ধতম কৰ্তৃপক্ষক সবিশেষ অৱগত কৰিছে। আনকি আৰক্ষীৰো কাষ চাপিছিল ডিডিঅ'গৰাকীয়ে।

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত অস্থায়ী অধ্যক্ষজনৰ এনে মইমতালি আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়মৰ লগতে বিভাগীয়ভাৱে নিযুক্তি দিয়া ডিডিঅ'গৰাকীক বিত্তীয় ক্ষমতা প্ৰদান নকৰাৰ পাছতো কি কাৰণত এই অস্থায়ী অধ্যক্ষজনৰ বিৰুদ্ধে উচ্চ শিক্ষা সঞ্চালকালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in