মুখ্যমন্ত্ৰী সোণোৱালে এন বীৰেণ সিঙৰ পৰা কিবা শিক্ষা ল’ব পাৰিবনে?

মুখ্যমন্ত্ৰী সোণোৱালে এন বীৰেণ সিঙৰ পৰা কিবা শিক্ষা ল’ব পাৰিবনে?

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিবৰ বাবে উঠিপৰি লাগিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ৷ পৰিৱৰ্তনৰ ভুৱা প্ৰতিশ্ৰুতি আৰু বাংলাদেশী বিতাড়নৰ কথাৰে ডিঙিৰ শিৰ ফুলাই উদাত্ত ভাষণ দিয়া মোডী চৰকাৰ বিনা মেঘে বজ্ৰপাতসদৃশ পৰিৱেশৰ সন্মুখীন হৈছে৷ ভোটবেংক লাভৰ স্বাৰ্থত ইটোৰ পিছত সিটো জনবিৰোধী সিদ্ধান্তই থৰক বৰক কৰিছে মোডীৰ সিংহাসন৷ এসময়ত জাতীয় নায়কৰ মুকুট পিন্ধা সৰ্বানন্দ সোণোৱালৰ দিল্লীপ্ৰীতি ৰাজনীতিয়ে সংকটত পেলাইছে অসমীয়াক৷ বিধেয়কখন গৃহীত কৰিবৰ বাবে উঠিপৰি লগা কেন্দ্ৰীয় চৰকাৰৰ সুৰতে সুৰ মিলাই আছে সৰ্বানন্দ সোণোৱালে৷ যাৰ বাবে বিভিন্ন দল-সংগঠনৰ ককৰ্থনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী৷

সৰ্বানন্দ সোণোৱালৰ বিপৰীতে উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যই অবৈধ হিন্দু বাংলাদেশীৰ বোজা বহন কৰিব নোৱাৰো বুলি স্পষ্টভাৱে জনাইছে কেন্দ্ৰীয় চৰকাৰক৷ মণিপুৰত সৃষ্টি হোৱা বিধেয়ক বিৰোধী ঢৌৰ পিছতে মণিপুৰ চৰকাৰেও বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা মণিপুৰক ৰেহাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লৈছে মণিপুৰ চৰকাৰে৷ মণিপুৰৰ সচিবালয়ে প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি লোকসভাত কিছুদিনৰ পূৰ্বে গৃহীত হোৱা বিধেয়কখনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লৈছে৷

নেশ্যনেল পিপুলছ পাৰ্টী, নাগা পিপুলছ ফ্ৰন্ট আৰু লোক জনশক্তি পাৰ্টীৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপিয়ে বিধেয়কখনক লৈ বাৰুকৈয়ে বিপাঙত পৰিছে৷ ইয়াৰ বিপৰীতে মণিপুৰ মন্ত্ৰীসভাই মণিপুৰ পিপুলছ প্ৰটেকশ্যন বিল, ২০১৮ গৃহীত কৰাৰ বাবেহে ব্যৱস্থা হাতত লৈছে৷ ২০১৮ চনৰ ২৩ জুলাইত বিধানসভাত গৃহীত হোৱা এই বিলখনৰ জৰিয়তে মণিপুৰী আৰু অমণিপুৰী লোকসকলৰ চিনাক্তকৰণৰ সহায়ক হ'ব আৰু মণিপুৰত প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত এক পৰিচয়ৰে খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'ব৷

ইতিমধ্যে নাগালেণ্ডকে ধৰি উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে৷ মণিপুৰ কংগ্ৰেছে অতি শীঘ্ৰেই বিধানসভাৰ অধিবেশন আহ্বান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সিদ্ধান্তত উপনীত হ'বৰ বাবে মণিপুৰ চৰকাৰক দাবী জনাইছে৷

কেন্দ্ৰ তথা ৰাজ্যত বিজেপি চৰকাৰ থাকিও মণিপুৰে বিধেয়কখনৰ বিৰুদ্ধে স্পষ্ট মত আগবঢ়োৱাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঘোৰ নিদ্ৰাত৷ সততে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ কথা কৈ জনসাধাৰণৰ আশীষ লোৱাৰ চেষ্টা কৰা নাগপুৰৰ কৃপাধন্য মুখ্যমন্ত্ৰী বুলি অভিযোগ উত্থাপন কৰি সৰ্বানন্দ সোণোৱালক পদত্যাগৰ দাবী তুলিছে অসমৰ সচেতন ৰাইজে৷ ইফালে বিধেয়কখনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক নিজ মত ব্যক্ত কৰাৰ বাবে এন বীৰেণ সিঙে দিল্লীৰ সৈতে যোগাযোগ স্থাপন কৰা বুলিও এক সূত্ৰত প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in