সোণোৱাল কেবিনেটৰ অদূৰদৰ্শী সিদ্ধান্ত! কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে নালাগে অনুমতি…

সোণোৱাল কেবিনেটৰ অদূৰদৰ্শী সিদ্ধান্ত! কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে নালাগে অনুমতি…

ডিজিটেল ডেস্কঃ যিসময়ত কোৰোনাই গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰি দেশৰ অৰ্থনীতি ভাঙি পেলাইছে সেই সময়ত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে কি কৰা উচিত সেই সন্দৰ্ভত এখন কমিটিও গঠন কৰি দিছিল। কিছু দিনৰ পূৰ্বে এই কমিটিখনে প্ৰতিবেদন দাখিল কৰিছিল।

এই প্ৰতিবেদনত কমিটিয়ে কৃষি ভিত্তিক উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কমিটিৰ সেই প্ৰতিবেদনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো আলোচনা বা পদক্ষেপ গ্ৰহণ নকৰি ২৯ জুনত হোৱা মন্ত্ৰী পৰিষদৰ এখন বৈঠকত ৰাজ্য চৰকাৰে অসমৰ কৃষিভূমিসমূহ অতি কৌশলপূৰ্ণভাৱে বণিয়াক দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে।

কেবিনেটৰ এই কৃষক বিৰোধী আৰু খিলঞ্জীয়া বিৰোধী এনে সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি কোনো ভূমিত উদ্যোগ স্থাপনৰ বাবে কোনো বিভাগৰ অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব। ইয়াৰ ফলত ৰাজহ বিভাগৰ অনুমতি অবিহনেই কৃষিভূমিত উদ্যোগ স্থাপনৰ বাট মুকলি হ'ল। অসমৰ গ্ৰাম্য অঞ্চলসমূহত এতিয়া ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই উদ্যোগপতিসকলে বিনা বাধাই উদ্যোগ স্থাপনৰ বাবে সেই ভূমি ক্ৰয় কৰিব পাৰিব।

জ্যেষ্ঠ অধিবক্তা তথা অসমীয়া সংবিধানিক ৰক্ষা কৱচ নিৰ্ধাৰণৰ বাবে গঠিত কমিটিৰ অন্যতম সদস্য নিলয় দত্তই এই সন্দৰ্ভত টুইটাৰযোগেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াক থলুৱা বিৰোধী বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে থলুৱা লোকৰ হাতত থকা ভূমি বহিৰাগত উদ্যোগপতিৰ হাতলৈ যোৱাৰ বাট মুকলি হোৱা বুলি মন্তব্য কৰিছে নিলয় দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in