শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন

শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন

ডিজিটেল সংবাদ, ওৰাংঃ শোণিতপুৰ জিলাৰ বৰছলাৰ বৰঝাৰত ব্যতিক্ৰমী শিল্পী দিৱস পালন। এগৰাকী দৰিদ্ৰ কৃষকে প্ৰতি বছৰে পদুলি মুখতে অনুষ্ঠিত কৰি আহিছে বৰণ্য ব্যক্তি সকলৰ জন্ম আৰু মৃত্যু দিনসমূহ। কেৱল মাত্ৰ এটা ৰেডিঅ'ই অনুপ্ৰানিত কৰা এজন ব্যক্তিৰ মহানুভৱতা। সচাকৈয়ে আজিৰ ব্যস্ত সমাজত এইগৰাকী কৃষকে দেখুৱাইছে মহানুভৱতা।

চান্দা, বৰঙণিৰে অনুষ্ঠিত কৰা শিল্পী দিৱস বোৰতকৈ সম্পূৰ্ণ পৃথক এই শিল্পী দিৱস৷ কাৰণ শোনিতপুৰৰ বৰছলাৰ বৰঝাৰ গাঁৱত অনুষ্ঠিত হোৱা ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৯তম মৃত্যু দিনটো বিপিন কোচ নামৰ এজন দৰিদ্ৰ কৃষকে নিজৰ ঘৰৰ পদূলিমুখতেই সুন্দৰকৈ অনুষ্ঠিত কৰিছে৷

কেৱল শিল্পী দিৱসেই নহয়, বিষ্ণু ৰাভা, ফণি শৰ্মা, ভূপেন দাৰ জন্ম-মৃত্যুৰ দিন, শ্বহীদ দিৱস, বৰেণ্য সাহিত্যিকৰ মৃত্যুতিথি আদিও পালন কৰে বিপিন কোচ নামৰ ব্যক্তি গৰাকীয়ে৷ নিজৰ গাঁঠিৰ ধন ভাগি পদূলি মুখত অনুষ্ঠিত কৰা এনেধৰণৰ অনুষ্ঠানৰ আয়োজন দেখিলেহে বহুজনৰ মনলৈ আহে- আজি এটা বিষেশ দিন ৷

এটা ৰডিঅ'ই অনুপ্ৰানিত কৰাৰ পিছৰে পৰাই নিৰৱিচিন্ন ভাৱে ১৯৯০ চনৰ পৰাই বিপিন কোচে নিজা প্ৰচেষ্টাত উদযাপন কৰি আহিছে দিৱস৷ বিপিন কোচৰ এনে কাৰ্যক বহুতেই প্ৰশংসাৰে উপচাই পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in