অৰুণাচলত হোৱা প্ৰৱল বৰষুণৰ ফলত শোণিতপুৰত হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে জীয়াভৰলী নদীৰ পানী…

অৰুণাচলত হোৱা প্ৰৱল বৰষুণৰ ফলত শোণিতপুৰত হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে জীয়াভৰলী নদীৰ পানী…

ডিজিটেল সংবাদ, তেজপুৰঃ সাগৰীয় ভয়ংকৰ ধুমুহা আন্ফানৰ প্ৰভাৱত বিগত কেইবাদিনো ধৰি অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত আজি পুৱাৰে পৰা  হঠাৎ ফেনেফোটোকাৰে বাঢ়ি আহিছে জীয়াভৰলী নদী । শোণিতপুৰ জিলাৰ তেজপুৰ , ৰঙাপৰা আৰু চতিয়া বিধান সভা সমষ্টিৰ মাজেৰে ব্ৰহ্মপুত্ৰলৈ বৈ যোৱা জীয়াভৰলী নদীৰ প্ৰৱল বানে আজি খনামুখৰ বালিগাঁৱৰ বিস্তীৰ্ন এলেকাৰ কৃষি ভূমি বুৰাই পেলাই ।

এইক্ষেত্ৰত খণামুখ বালিগাঁৱৰ যুৱ কৃষক পৱিত্ৰ মিলিয়ে কয় কালি নিশাৰ পৰাই জীয়াভৰলী নদীখন প্ৰৱল ৰূপত বাঢ়ি আহি আজি পুৱাৰ পৰা অঞ্চলটোৰ বৃহৎ এলেকাৰ কৃষি ভূমি বুৰাই পেলাই । উল্লেখ্য যে খনামুখৰ বালিগাঁৱৰ লগতে মজুৱা , টৌভঙা চাপৰি , মতিকল চাপৰি আৰু কেকোকলি মিছিং গাৱকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক বিঘা কৃষি ভূমি জীয়াভৰলী নদীৰ বানৰ কবলত পৰিছে ।

ইয়াৰোপৰি বানত অঞ্চলটোৰ কেইবাটাও পথ জীয়াভৰলী  নদীৰ পানীয়ে বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে জনোৱা মতে জীয়াভৰলী নদীৰ পানী প্ৰৱল ৰূপত বাঢ়িয়েই আছে । ইফালে ৰঙাপৰা সমষ্টিৰ অৰ্ন্তগত বেদাজান আৰু ৰাজগড় অঞ্চলতো জীয়াভৰলী নদীৰ বান গৰাখহনীয়াই ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

এইক্ষেত্ৰত জানিব পৰা মতে মাত্ৰ বেদাজান আৰু ৰাজগড় অঞ্চলত কেইদিনমানৰ ভিতৰতে বৃহৎ পৰিমানৰ কৃষি ভূমি জীয়াভৰলী নদীত জাহ গৈছে। আনহাতেদি জীয়াভৰলী নদী  ফেনেফোটোকাৰে বাঢ়ি থকাত তেজপুৰৰ কৰৈয়নী নেপালী , চিৰুৱানী আৰু ৰাজভড়ালকে নৈপৰীয়া ৰাইজ অতিকৈ চিন্তিত হৈ পৰিছে ।

ইফালে ধাৰাসাৰ বৰষুনৰ ফলত তেজপুৰ চহৰৰ নিকটৱৰ্ত্তি গৰৈমাৰী অঞ্চলত সৃষ্টি হোৱা কৃটিম বানৰ ফলত তেজপুৰ বায়ুসেনা ঘাটি সংযোগী গড়কপ্তানী বিভাগৰ মুল পথটোও সৰ্ম্পুনৰূপে বুৰ যায় । ইয়াৰোপৰি এই কৃটিম বানে গৰৈমাৰী ব্যৱসায়ীক কেন্দ্ৰৰ বৃহৎ এলেকাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটোৰো বহু বুৰাই পেলাই । আনহতেদি  জীয়াভৰলী নদীৰ বান ভয়াবহ ৰূপত বাঢ়ি থকাত ৰাইজ চিন্তিত হৈ পৰিছে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in