ছোনীয়া গান্ধীয়ে সঁচাকৈ দেশক ভাল নাপায়ঃ প্ৰাক্তন কংগ্ৰেছী কেন্দ্ৰীয় মন্ত্ৰী

ছোনীয়া গান্ধীয়ে সঁচাকৈ দেশক ভাল নাপায়ঃ প্ৰাক্তন কংগ্ৰেছী কেন্দ্ৰীয় মন্ত্ৰী

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডা০ এছ কৃষ্ণা কুমাৰে শনিবাৰে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়ে। তেওঁ বিজেপিৰ নেতা শ্বাহনৱাজ হুছেইন আৰু অনিল বলুনীৰ উপস্থিতিত বিজেপিৰ যোগদান কৰাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ দৰ্শাই কয়, 'মই তিনিবাৰকৈ কংগ্ৰেছৰ সাংসদ হৈছো। কিন্তু এটা সময়ত মই ছোনীয়া গান্ধীৰ নেতৃত্বত কাম কৰিব লগা হৈছিল আৰু আজি তেওঁৰ পুত্ৰৰ নেতৃত্বত চলিব লগা হৈছে। যিটো মই মুঠেও পচন্দ নকৰো। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জ্ঞান আৰু কৰ্মস্পৃহা বিশ্লেষণ কৰিলো। যাৰ বাবে মই মোৰ বাকী কাল মোডীৰ সৈনিক হিচাপে কাম কৰাৰ সিন্ধান্ত লৈছো।'

এছ কৃষ্ণা কুমাৰে পুনৰ কয়, 'মই ভাবো দেশক এজন দেশভক্ত প্ৰধানমন্ত্ৰীৰহে প্ৰয়োজন। ছোনীয়া গান্ধীয়ে দেশৰ ইতিহাসৰ বিষয়ে একো নাজানে। তেওঁ এগৰাকী প্ৰকৃত দেশপ্ৰেমীও নহয়। তাৰ বিপৰীতে নৰেন্দ্ৰ মোডী এজন দক্ষ প্ৰধানমন্ত্ৰী। তেওঁক আৰু ৫ বছৰৰ বাবেই নহয়, ১০ বছৰৰ বাবে জনাদেশ দিব লাগে যাতে আমাৰ ভাৰত মাতৃক বিশ্ব স্তৰলৈ লৈ যাব পাৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in