কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীক ছোনীয়া গান্ধীৰ অদ্ভুদ পৰামৰ্শঃ ২ বছৰৰ বাবে বন্ধ কৰিব লাগে সংবাদমাধ্যমৰ সকলো বিজ্ঞাপন…

কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীক ছোনীয়া গান্ধীৰ অদ্ভুদ পৰামৰ্শঃ ২ বছৰৰ বাবে বন্ধ কৰিব লাগে সংবাদমাধ্যমৰ সকলো বিজ্ঞাপন…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰান্তীয় বিভিন্ন বিষয় সামৰি কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনীয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এক পত্ৰ। ৭ এপ্ৰিল ২০২০ত প্ৰেৰণ কৰা এই পত্ৰখনত প্ৰথমেই ছোনীয়া গান্ধীয়ে উল্লেখ কৰিছে যে- মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপুনি যোৱাকালি( ৬এপ্ৰিল) মোক ফোন কৰি কোৰোনা ভাইৰাছৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে তাক লৈ পৰামৰ্শ বিচাৰিছিল। ইয়াৰ পাছতে মই দলৰ মজিয়াত এই কথা আলোচনা কৰি কেইটামান পৰামৰ্শ আপোনালৈ আগবঢ়ালো।'

প্ৰধানমন্ত্ৰীলৈ গান্ধীয়ে প্ৰেৰণ কৰা এই পত্ৰত মূলত ৫টা পৰামৰ্শৰ কথা উল্লেখ কৰিছে। প্ৰথমটো পৰামৰ্শতে ছোনীয়া গান্ধীয়ে কৈছে যে, সংবাদ মাধ্যমলৈ ২ বছৰৰ বাবে সকলো ধৰণৰ চৰকাৰী- ৰাজহুৱাখণ্ডৰ( স্বাস্থ্যক বাদ দি) বিজ্ঞাপন বন্ধ কৰিব লাগে। টেলিভিশ্বন, প্ৰিন্ট আৰু অনলাইন সকলো ক্ষেত্ৰতে ২ বছৰৰ বাবে এই নিয়ম প্ৰযোজ্য হোৱাটো বিচাৰিছে কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনীয়া গান্ধীয়ে। ইয়াৰ পৰা ৰাহি হোৱা কেইবাকোটি টকাৰ ধন কোভিড-১৯ সৈতে চলা যুঁজখনত ব্যৱহাৰ কৰিব পৰা যাব বুলি পত্ৰত উল্লেখ কৰে গান্ধীয়ে।

ছোনীয়া গান্ধীয়ে লগতে ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি সাংসদৰ লৈকে ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁ লগতে প্ৰধানমন্ত্ৰীক পৰামৰ্শ প্ৰদান কৰে যে, বিগত কেইটামান বছৰ প্ৰধানমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লৈকে সকলোৱে অতি প্ৰয়োজনীয় বিষয় নহলে বিদেশ যাত্ৰা কিছু হ্ৰাস কৰাটো উচিত। এনেদৰে ৰাহি হোৱা ধনো কোভিড-১৯ৰ যুঁজখন সবল কৰিব বুলি আশা কৰো।'

ছোনীয়া গান্ধীৰ এই পত্ৰ ৰাজহুৱা হোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই এই পৰামৰ্শক সমালোচনা কৰাৰ বিপৰীতে একাংশই সমৰ্থন কৰিছে কংগ্ৰেছ অধ্যক্ষাগৰাকীক। উল্লেখ্য যে, যোৱা ৫ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি বিৰোধী দলৰ বিভিন্ন জনলৈ ফোন কৰি দেশৰ এই জটিল সন্ধিক্ষণত পৰামৰ্শ বিচাৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in