কংগ্ৰেছৰ অধ্যক্ষাৰ পদ চম্ভালিবলৈ ছোনিয়া গান্ধীক আহ্বান…

কংগ্ৰেছৰ অধ্যক্ষাৰ পদ চম্ভালিবলৈ ছোনিয়া গান্ধীক আহ্বান…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ত বহু কেইখন ৰাজ্যৰ সংসদীয় সমষ্টিসমূহত পৰাস্ত হোৱাৰ পাছত কংগ্ৰেছ দলৰ নতুন অস্থায়ী অধ্যক্ষা হিচাপে ছোনিয়া গান্ধীক আগুৱাই আহিবলৈ দলটোৱে দাবী জনায়। ৰাহুল গান্ধীয়ে পুনৰ দলটোৰ অধ্যক্ষ হোৱাৰ দাবীক খাৰিজ কৰিছে।

আনহাতে,স্বাস্থ্যজনীত কাৰণত ছোনিয়া গান্ধীয়ে ৰাজনীতিত তেওঁৰ সক্ৰিয়তা বহু সীমিত কৰিছে।তেওঁ নিজৰ ঘনিষ্ঠ সহযোগীসকলক কয় যে, অস্থায়ী ৰূপেও দলৰ শীৰ্ষ পদ চম্ভালাটো সম্ভৱনহ'ব, কিয়নো ই এক ডাঙৰ প্ৰত্যাহ্বান।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি ৰাহুল গান্ধীয়ে দলৰঅধ্যক্ষৰ পদ পুনৰ চম্ভালিবলৈ অমান্তি হোৱাৰ পাছতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সকলেছোনিয়া গান্ধীক ফোন কৰি এই পদ চম্ভালিবলৈ অনুৰোধ জনায়। ইফালে, কৰ্ণাটকত যোৱাকেইটামান সপ্তাহত বহু কেইগৰাকী কংগ্ৰেছ বিধায়কে পদত্যাগ কৰে।

এফালে, কৰ্ণাটকত কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰৰখনৰক্ষা কৰাৰ চেষ্টা চলাই আছে। আনহাতে, গোৱাত ১৫গৰাকীৰ ভিতৰত ১০গৰাকী কংগ্ৰেছবিধায়কে দলত্যাগ কৰি যোগ দিয়ে ভাৰতীয় জনতা পাৰ্টীক। বৰ্তমানলৈ ৰাহুল গান্ধীৰ পাছতদলটোৰ নতুন অধ্যক্ষ কোন হ'ব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in