দেশ আৰু গণতন্ত্ৰৰ বাবে এতিয়া কংগ্ৰেছৰ আৱশ্যক: ছোনিয়া গান্ধী

দেশ আৰু গণতন্ত্ৰৰ বাবে এতিয়া কংগ্ৰেছৰ আৱশ্যক: ছোনিয়া গান্ধী

ডিজিটেল ডেস্ক: কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে মঙলবাৰে কংগ্ৰেছ সংসদীয় দলৰ এক বৈঠক সম্বোধন কৰে। এই বৈঠকত দল সম্বন্ধীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।

গান্ধীয়ে দলটো আগতকৈ বেছি মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে লগতে দলৰ নেতা সকলক সকলো ধৰণৰ মতভেদ পাহৰি দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বৰ্তমান দেশৰ বাবে কংগ্ৰেছ অতি প্ৰয়োজনীয়।

কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে কয় যে বিজেপিৰ বিভাজনকাৰী নীতি চলি আছে। তেওঁলোক ঠিক নহয়। এতিয়া সংঘৰ্ষৰ অতিকৈ প্ৰয়োজন। গান্ধীয় কংগ্ৰেছ নেতা সকলক মূল্যবৃদ্ধিৰ বিৰোধীত তীব্ৰতৰ কৰিবলৈ কয় লগতে এই দিশত চিন্তাও ব্যক্ত কৰে।

গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ পুনৰ উত্থান কেৱল দলৰ বাবেই নহয়, সমগ্ৰ দেশ, গণতন্ত্ৰ আৰু সমাজৰ বাবে আৱশ্যক।দলৰ কাৰ্যকতা সকলক বিভিন্ন ধৰণৰ শিবিৰ অনুষ্ঠিত কৰিবলৈও আহ্বান জনাই গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in