৭৩ বছৰীয়া হ’ল ছোনীয়া গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে এনেদৰে শুভেচ্ছা…

৭৩ বছৰীয়া হ’ল ছোনীয়া গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে এনেদৰে শুভেচ্ছা…

ডিজিটেল ডেস্কঃ ৭৩ বছৰত ভৰি দিলে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ জৰী হাতত লৈ এগৰাকী সুদক্ষ ৰাজনৈতিক নেত্ৰী হিচাপে পৰিচিত হোৱা ছোনীয়া গান্ধীৰ জন্ম হৈছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ইটালীৰ ভিকেনজাৰ সমীপৰ এখন সৰু গাঁৱত।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰি থকা সময়তে প্ৰথম লগ পায় ৰাজীৱ গান্ধীক। পিছত ১৯৬৮ চনত তেওঁ ৰাজীৱ গান্ধীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ তদানীন্তন প্ৰধানমন্ত্ৰী তথা ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধীৰ সৈতে দিল্লীত নিগাজিকৈ থাকিবলৈ লয়। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ১৯৯১ চনৰ ২১ মে'ত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ দলটোৱে ছোনীয়া গান্ধীক আহ্বান জনায় যদিও তেওঁ সেই প্ৰস্তাৱ নাকচ কৰি ৰাজনীতিৰ পৰা আতৰি থকাৰ সিদ্ধান্ত লয়।

কিন্তু নেতৃত্বহীন হৈ পৰা কংগ্ৰেছে তেওঁলৈ বাৰাম্বাৰ প্ৰস্তাৱ আগবঢ়োৱাত অৱশেষত ১৯৯৭ চনত ছোনীয়া গান্ধীয়ে ৰাজনীতিত যোগ দিয়ে আৰু ১৯৯৮ চনত তেওঁ দলৰ অধ্যক্ষ হিচাপে মনোনীত হয়। ২০০৪ আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ছোনীয়া গান্ধীৰ সবল নেতৃত্বৰ বাবেই পুনৰ কেন্দ্ৰৰ শাসনলৈ আহিবলৈ সক্ষম হয় কংগ্ৰেছ দল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত ছোনীয়া গান্ধীয়ে অধ্যক্ষ পদ ত্যাগ কৰি কংগ্ৰেছৰ নেতৃত্বভাৰ পুত্ৰ ৰাহুল গান্ধীক গতাই দিছিল। কিন্তু ২০১৯ চনৰ নিৰ্বাচনতো কংগ্ৰেছে শোচনীয় পৰাজয় বৰণ কৰাত এই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছতে দলে পুনৰ এবাৰ ছোনীয়া গান্ধীক অন্তৱৰ্তীকালীন অধ্যক্ষা হিচাপে মনোনীত কৰে।

সমগ্ৰ দেশজুৰি সংঘটিত হৈ থকা নাৰীজনিত অপৰাধত দুখ প্ৰকাশ কৰি ছোনীয়া গান্ধীয়ে তেওঁৰ ৭৩ বছৰীয়া জন্মদিনটো সোমবাৰে পালন নকৰো বুলি ঘোষণা কৰিছে। কিন্তু কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ জন্মদিনটোৰ শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহ আৰু কংগ্ৰেছৰ মুখ্য কাৰ্যালায়ৰ সন্মুখত ভিৰ কৰিছে অগণন কংগ্ৰেছ সমৰ্থন আৰু গুণমুগ্ধই। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই টুইটযোগে ছোনীয়া গান্ধীক জন্মদিনৰ ওলগ জনাই তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in