শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

70

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ “সেউজ সংকল্প” গোষ্ঠী আৰু এম কে প্ৰডাকচনৰ উদ্যোগত তথা জিলাখনৰ শিল্পী সমাজৰ সহযোগত “গীতেৰে কথা পাতো আহা” শীৰ্ষক এটি গ্ৰীষ্মকালীন গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সোণাৰি নগৰস্থিত পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ১৬, ১৭ আৰু ১৮ জুলাইত অনুষ্ঠিত কৰা হ’ব এই কৰ্মশালা।

যশস্বী শিল্পী পুলক বেনাৰ্জী আৰু ৰূপম ভূঞা প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া এই কৰ্মশালাত কোনো ধৰণৰ মাচুল দিব নালাগে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। সবিশেষ তথ্য তথা কৰ্মশালাত আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ ৯৪৩৫২১৩৭০৪, ৯৯৫৪২৮০২৩৯, ৯১০১১৯২০১৫ আৰু ৮৭৫৩৯২৫৭৮০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি