নৈশ বাছত ৪৫ টা বন্দুকৰ সৈতে এজন নগা…

নৈশ বাছত ৪৫ টা বন্দুকৰ সৈতে এজন নগা…

ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত শুকুৰবাৰে সন্ধিয়া নগালেণ্ডৰ মনৰ পৰা কহিমালৈ যোৱা এখন নৈশ বাছৰ পৰা সোণাৰি আৰক্ষীয়ে ৪৫ টা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ গাতে লাগি থকা নগালেণ্ডৰ মন জিলাৰ পৰা কহিমালৈ যাত্ৰা কৰা ব্লু হিলছ ট্রেভেলচৰ অধীনত চলা এন এল ০৭-বি-০৩৯৯   'লাকী' নামৰ নৈশ বাছ খন আজি সন্ধিয়া সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত থকা আস্থানত ৰৈ থাকোতে সোণাৰি আৰক্ষীয়ে নিয়মিত তালাচী চলাই বাছ খনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত ৪৫ টা বন্দুক উদ্ধাৰ কৰে।

বন্দুকসমূহৰ গৰাকী মন জিলাৰ খামপাং কন্যাক(৪০)য়ে জনোৱা মতে বন্দুকসমূহ মন জিলাৰ পৰা নগালেণ্ডৰ ৰাজধানী কহিমাত অহা ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব লগা 'হৰ্ণবিল' উৎসৱ উপলক্ষত অনুষ্ঠিত কৰিব লোৱা এক অস্ত্ৰ প্ৰদৰ্শনিৰ উপলক্ষত নিয়া হৈছে।

কিন্তু বন্দুকসমূহৰ বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক মৃণাল ডেকাই বন্দুকসহ নগা লোকজনক আটক কৰি থানালৈ লৈ আনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in