সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা…

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে শান্তিপুৰস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্কট ৰোগ সম্পর্কে এক সজাগতা শিবিৰৰ আয়োজন কৰা হয়। নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ সহযোগত আয়োজন কৰা উক্ত শিবিৰত বক্তৃতা প্ৰদান কৰে প্ৰতিষ্ঠানখনৰ মূৰ আৰু ডিঙি বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন কুমাৰ নাথে।

ডাঃ নাথে শিক্ষার্থীসকলক উদ্দেশ্যি দিয়া ভাষণত কৰ্কট ৰোগ কি, ইয়াৰ বিভিন্ন কাৰণ আৰু এই ৰোগ প্ৰতিৰোধৰ কিছু উপায়ৰ কথা কয়। বক্তৃতাৰ শেষত তেওঁ উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, এক কৰ্কটমুক্ত সমাজ গঢ়িবলৈ হ'লে এনেধৰণৰ সজাগতা শিবিৰৰ অতি প্ৰয়োজন। কৰ্কট ৰোগৰ সজাগতা যিমানেই বৃদ্ধি পাব, সিমানেই কৰ্কট ৰোগত মৃত্যুৰ হাৰ হ্ৰাস পাব।

অসম ডনবস্ক বিশ্ববিদ্যালয় আৰু নেৰিম গ্ৰুপ অৱ ইনস্টিটিউচনৰ সমাজ কৰ্ম বিভাগৰ শিক্ষার্থীসকলে আয়োজন কৰা উক্ত শিবিৰত সোণাৰাম হাইস্কুলৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জু বৰ্মনকে প্ৰমুখ্য কৰি আন আন শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশ লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in