লকডাউনত ঘাইপথ মানুহৰ বাবেহে বন্ধ, মুক্ত চোৰাং সামগ্ৰীৰ সৰবৰাহঃ সোণাপুৰত জব্দ গৰুৰ ট্ৰাক…

লকডাউনত ঘাইপথ মানুহৰ বাবেহে বন্ধ, মুক্ত চোৰাং সামগ্ৰীৰ সৰবৰাহঃ সোণাপুৰত জব্দ গৰুৰ ট্ৰাক…

ডিজিটেল ডেস্কঃ লকডাউনে যেন চোৰাং সামগ্ৰীৰ সৰবৰাহকাৰীৰ বাবে চাৰিলেনযুক্ত ঘাইপথ অধিক সুচল কৰিহে দিছে। যাৰ বাবে এইকেইটা দিনত চোৰাং তেল, কয়লা, কাঠ, শিল-বালি আনকি ড্ৰাগছৰ সৰবৰাহো কেইবাগুণলৈ বৃদ্ধি পাইছে। আচৰিত কথাটো হ'ল অবৈধ সা-সমগ্ৰী কঢ়িওৱা এই যান-বাহন সমুহেও টোলপ্লাজাত ৰাজহ আদায় দি পাৰ হোৱাৰ লগতে বাটে বাটে থকা অসংখ্য পুলিছ আৰু বন বিভাগৰ তালাচী চকী পাৰ হৈ যায় যদিও কতো ধৰা নপৰে।

হঠাৎ ধৰা পৰিলেও প্ৰভাৱশালী চক্ৰই যে কংগ্ৰেছ আমোলৰ দৰেই এতিয়াও এনে জব্দকৃত সামগ্ৰী থানাৰ পৰা উলিয়াই নিব পাৰে তাৰ এক শেহতীয়া নিৰ্দশন হ'ল শুকুৰবাৰে যোৰাবাটত জব্দ কৰাৰ পিছত বশিষ্ঠ থানাৰ পৰা কাঠ মাফিয়াই নিশাৰ ভিতৰতে উলিয়াই নিয়া চোৰাং কাঠভৰ্তি ট্ৰাকৰ ঘটনা।

একেদৰেই শুকুৰবাৰে নিশা সোণাপুৰ থানাত শিলচৰলৈ চোৰাং গৰু কঢ়িয়াই অনা এখন বিশাল ট্ৰাক সোণাপুৰত সন্দেহক্ৰমে আৰক্ষীৰ যান বাহন শাখাই আৱদ্ধ কৰিছিল। এ এছ ০২-চি চি-১১৮৫ নম্বৰৰ ট্ৰাকখন লকডাউনৰ সময়ত অহাৰ বাবেই প্ৰথমে ট্ৰেফিক আৰক্ষীয়ে ৰখোৱাৰ পাছত চালকে নামি আহি তেওঁলোকক কিছু টকা দি পাৰ হৈ যোৱাৰ চেষ্টা চলাইছিল।

এই কথা সেই সেইসময়ত উপস্থিত থকা যান বাহন আৰক্ষীৰ এগৰাকী সহকাৰী উপপৰিদৰ্শকৰ মুখেৰেই প্ৰকাশ পাইছে। এনে সময়তে তাত উপস্থিত হোৱা একাংশ লোকে গাড়ী আৰু আৰক্ষীৰ কথোপকথনৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাত আৰক্ষীৰ দলটোৱে ট্ৰাকখন সোণাপুৰ থানালৈ লৈ যায়।

ইফালে চালকৰ পৰা জানিব পৰা মতে, ট্ৰাকখনৰ ট্ৰিপালেৰে বন্ধ কৰি থলেও ভিতৰত গৰু আছিল আৰু শিলচৰ অভিমুখে তেওঁলোক গৈ আছিল। লক্ষ্যণীয় কথাটো হল, শুকুৰবাৰে নিশাই জব্দ কৰা ট্ৰাকখন যদিও থানাত ৰখা হৈছে, এই পৰ্যন্ত গোচৰ ৰুজু কৰা হোৱা নাই। কিয়নো গৰু আৰু ট্ৰাকৰ মালিক জনৈক ইদ্ৰিছ আলী। দিছপুৰৰ পৰা সোণাপুৰলৈ তেওঁৰ আছে প্ৰতিপত্তি।

কেৱল সেয়াই নহয়, মহানগৰ আৰক্ষীৰ এগৰাকী ডি চি পিৰ সৈতেও তেওঁ সু-সম্পৰ্ক ৰক্ষা কৰি চলে বুলিও সোণাপুৰৰ বহুতে জানে। এনে পৰিপ্ৰেক্ষিততে চোৰাং গৰু সৰবৰাহকাৰীৰ ট্ৰাকখনক লৈ গোচৰ ৰুজু নকৰিলেও বহুতৰ কেমেৰাত বন্দী হোৱা দৃশ্যৰ বাবে আৰক্ষীয়ে ট্ৰাকখন এৰি দিবলৈ সাহস কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in