৩২ বছৰীয়া হ’ল সোণাপুৰ কলেজঃ প্ৰতিষ্ঠা দিৱসত নৃত্য-গীতেৰে মুখৰিত, মহাবিদ্যালয়ৰ নিউজ বুলেটিন উন্মোচন…

৩২ বছৰীয়া হ’ল সোণাপুৰ কলেজঃ প্ৰতিষ্ঠা দিৱসত  নৃত্য-গীতেৰে মুখৰিত, মহাবিদ্যালয়ৰ নিউজ বুলেটিন উন্মোচন…

ডিজিটেল সংবাদ সোণাপুৰঃ গুৱাহাটী মহানগৰৰ পাৰ্শ্ববৰ্তী অসমৰ এখন উচ্চ শিক্ষানুষ্ঠান সোণাপুৰ মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি অতি উলহ মালহেৰে উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০দেৱব্ৰত খনিকৰে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্য সূচী শুভাৰম্ভ কৰে আৰু অনুষ্ঠানটিত কলেজৰ এন চি চি আৰ্মী আৰু এয়াৰ উয়িং গ্ৰুপৰ কেডাৰ সকলে মাৰ্চ পাৰৰ্টছ প্ৰদৰ্শন কৰাৰ লগতে এটি ভক্তি মূলক গীত পৰিবেশন কৰে।

অনুষ্ঠানত স্মৃতি তৰ্পন কৰে সোণাপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক উপেন বৰাই। ইয়াৰ পিছতে মহাবিদ্যালয় প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা খনি অনুষ্ঠিত হয়। মহাবিদ্যালয় সংগীত 'উজ্বলি উঠিছে আজি, শিখাৰ পোহৰ…' শীৰ্ষক গীতটিৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে আদৰণি ভাষণ প্ৰদান কৰি কয় যে, মহাবিদ্যালয় খনে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি মহাবিদ্যালয় খনৰ বৃত্তি মূলক পাঠ্যক্ৰম, স্নাতকোত্তৰ পাঠ্যক্ৰম, এন চি চি আদিয়ে মহাবিদ্যালয় খনক আন এক মাত্ৰা প্ৰদান কৰিছে।

ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথাও অধ্যক্ষ ড০ খনিকৰে উল্লেখ কৰে ।মহাবিদ্যালয় খনক স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাম কৰি অহা বুলিও তেখেতে গুৰুত্ব পূৰ্ণ মন্তব্য কৰে। স্মৃতি তৰ্পক উপেন বৰাই অনুষ্ঠানত কয় যে, সোণাপুৰ কলেজৰ প্ৰতিটো ইটাই অতীতৰ কথা কয়।সোণাপুৰ কলেজ যদিও ১৯৯১ চনত স্থাপন হৈছিল, প্ৰকৃততে ১৯৮৪ চনত ইয়াৰ পৰিকল্পনা কৰা হৈছিল।

বৰাই প্ৰতিষ্ঠা কালৰ স্মৃতি ৰোমন্থন কৰি প্ৰতিষ্ঠা সময়ৰ সকলো সদস্য লৈ শ্ৰদ্ধা জ্ঞাপন কৰে।প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি মুকলি সভাত এটি অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সোণাপুৰ মহাবিদ্যালয় নিউজ বুলেটিন খনি উন্মোচন কৰা হয়।

অনুষ্ঠানত নিউজ বুলেটিনখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলে ।অন্তৰংগ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিস্থাপক সদস্য হেৰেম্ব প্ৰসাদ শইকীয়াই মহাবিদ্যালয়খনিৰ উন্নতি কৰাত আনন্দ প্ৰকাশ কৰে।

অনুষ্ঠানত অধ্যাপক ড০ বিমান পাটোৱাৰী, প্ৰতিষ্ঠাপক সদস্য অজিত দত্ত, দীপক দাস, অমিয় বৰুৱা, দীপ্তি বৰা প্ৰমুখ্যে ভালে কেইজন মান বিশিষ্ট ব্যক্তিয়ে প্ৰতিষ্ঠা কালৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি ভাষণ প্ৰদান কৰে। ইংৰাজী বিভাগৰ অধ্যাপক ড০ দীপজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ কপিল গাৰোৰ বাহি বাদন আৰু ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য গীতেৰে প্ৰতিষ্ঠা দিৱসতই মুখৰিত কৰি তোলে। সন্ধিয়া বন্তি প্ৰজ্জ্বলনেৰে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্য সূচী সফল সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in