শেহতীয়া খবৰ
একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা...

‘দবং গাৰ্ল’ সোনাক্ষী সিনহাৰ বাবে লাগে কেনে দৰা?

958

ডিজিটেল ডেস্কঃ বৰ্তমান বলিউডত চলি আছে বিয়াৰ বতাহ। ৰণবীৰ-দিপীকা, অনুষ্কা-বিৰাটৰ বিয়াৰ পাছত এইবাৰ দবং গাৰ্ল সোনাক্ষী সিনহাই জনালে কেনেকুৱা দৰা বিচাৰে তেওঁ নিজৰ জীৱনসংগী হিচাপে। অভিনেত্ৰীগৰাকীয়ে এটা টিভি ৰিয়েলিটি শ্ব’ৰ মঞ্চত জনায় তেওঁ কেনেকুৱা দৰা বিচাৰে।

জুম টিভিৰ ‘বায় ইনভাইট অনলী’ শ্ব’টোৰ মঞ্চত কথা-বতৰাৰ মাজতে কয় যে পৰিয়ালে লোকে অভিনেত্ৰীগৰাকীৰ বাবে কেনেকুৱা দৰা বিচাৰে। দৰাচলতে, সোনাক্ষী সিনাই সংবাদমাধ্যমৰ সৈতে সাক্ষাৎ কৰি থকা সময়তে কয় যে, মোৰ পিতৃ-মাতৃয়ে বিচাৰে মই এজন ভদ্ৰ লৰাৰ সৈতে বিয়া হোৱাটো। কিন্তু তেওঁ লগতে কয় যে, মই বিচৰাৰ দৰে উপযুক্ত দৰা বলিউডত পোৱাটো অতি কঠিন।

তাৰোপৰি, অভিনেত্ৰী সোনাক্ষীয়ে কয়- ‘মই এজন তাৰকাক ডেট কৰিছো, কিন্তু কোনেও এই বিষয়ে নাজানে।’ লগতে তেওঁ কয় যে-‘যদি মোৰ সংগীজনে মোক মিছা কথা কয় তেন্তে পাছদিনা খন সেইজন ব্যক্তি জীৱিত নাথাকিব!’

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে শিল্পী দাসগুপ্তাৰ পৰিচালনাত বনোৱা নতুন ছবি ‘খানদানী ছফাখানা’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনত প্ৰথমবাৰলৈ অভিনয় কৰিছে ৰেপ গায়ক বাদশ্বাহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি