‘এমাজনে’ ঠগিলে সোণাক্ষী সিনহাক!

‘এমাজনে’ ঠগিলে সোণাক্ষী সিনহাক!

ডিজিটেল ডেস্কঃ ভাৰতত কেৱল সাধাৰণ লোকসকলেই যে অনলাইন প্ৰতিষ্ঠানসমূহৰ প্ৰবঞ্চনাৰ বলি হৈছে এনে নহয়। এই ক্ষেত্ৰত এইবাৰ বাদ নপৰিল বলিউডৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহা। অলপতে এনে অনলাইন প্ৰবঞ্চনাৰ চিকাৰ হয় বলিউডৰ অভিনেত্ৰীগৰাকী।

কিছুদিনৰ পূৰ্বে সোণাক্ষীয়ে অনলাইন খুচুৰা সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠান 'এমাজন'ত অৰ্ডাৰ কৰিছিল প্ৰিমিয়াম ব্ৰেণ্ড 'ব'ছ'ৰ এডাল হেডফোন। কিন্তু অৰ্ডাৰ দিয়া এই হেডফোন ডালৰ বিপৰীতে অভিনেত্ৰীগৰাকীক এমাজনে যোগান ধৰিলে লেতেৰা লোৰ এটা টুকুৰা। প্ৰখ্যাত অনলাইন প্ৰতিষ্ঠানটোৰ এনে কাৰ্যত হতভম্ব হৈ এমাজন ইণ্ডিয়াৰ প্ৰতিনিধিৰ সৈতে অভিনেত্ৰীগৰাকীয়ে যোগাযোগৰ চেষ্টা চলাইছিল যদিও, কোনো সুদুত্তৰ পোৱা নাছিল সোণাক্ষীয়ে। সেয়েহে শেহতীয়াকৈ ছ'চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে এমাজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি এটা পোষ্টতো দিলে অভিনেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in