লকডাউনৰ মাজতে শোণিতপুৰৰ গৌৰৱ সোণাই ৰূপাই অভয়াৰণ্যত দুৰ্নীতি পৰায়ন বিষয়া-বনকৰ্মীৰ ছত্ৰছায়াত বন ধ্বংস অভিযান

লকডাউনৰ মাজতে শোণিতপুৰৰ গৌৰৱ সোণাই ৰূপাই অভয়াৰণ্যত দুৰ্নীতি পৰায়ন বিষয়া-বনকৰ্মীৰ ছত্ৰছায়াত বন ধ্বংস অভিযান

ডিজিটেল সংবাদ, তেজপুৰঃ কঠোৰ লকডাউনৰ মাজতো জীৱ বৈচিত্ৰ্যৰ ভৰাল স্বৰূপ শোণিতপুৰ জিলাৰ গৌৰৱ সোণাই ৰূপাই অভয়াৰণ্যত চোৰাং কাঠ ব্যৱসায়ীয়ে  অব্যাহত ৰাখিছে বন ধ্বংস অভিযান। সোণাই ৰূপাই অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ নিলগতে চোৰাং কাঠ ব্যৱসায়ীয়ে বন ধ্বংস অভিযান  অব্যাহত ৰখাৰ পাছতো বন বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব পৰা নাই। ইমানেই নহয় অভয়াৰণ্য খনৰ মাজেদি অৰুণাচল প্ৰদেশৰ ফুট হিলছ সংযোগী পথৰ দুয়োকাষে চোৰাং কাঠ ব্যৱসায়ীয়ে বহু মূল্যবান গছ বিভিন্ন স্থানত কটা পৰিলক্ষিত হৈছে।

দুস্প্ৰাপ্য প্ৰজাতিৰ নল গাহৰিকে ধৰি বহু বিৰল প্ৰজাতিৰ বন্য জন্তৰ অবাধ বিচৰণ ভূমি সোণাই ৰূপাই অভয়াৰণ্যত চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই থকা বনাঞ্চল ধ্বংস যজ্ঞই সম্পূৰ্ণৰূপে উদঙাই দিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য নেতৃত্বাধীন বন বিভাগৰ ফোপোলা স্বৰূপ। এইক্ষেত্ৰত উত্থাপিত হোৱা গুৰুতৰ অভিযোগ অনুসৰি অসম চৰকাৰৰ বন বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন বন বিষয়া আৰু কৰ্মচাৰীৰ ছত্ৰছায়াতে সোণাই ৰূপাই  অভয়াৰণ্যত অবাধে বন ধ্বংস অভিযান অব্যাহত আছে। যি বোৰ দেখিও বন বিভাগে নেদেখাৰ ভাও ধৰি আহিছে। উল্লেখ্য যে, ৰাজনৈতিক ছত্ৰছায়াত বিগত বহু বছৰ ধৰি ধৰি অবৈধ বেদখলকাৰীয়ে চলাই অহা অবাধ বনাঞ্চল ধ্বংস ফলতেই সোণাই ৰূপাই অভয়াৰণ্যখনৰ প্ৰায় আধা অংশ ইতিমধ্যেই ধ্বংসৰ গৰাহত পৰিছে।

কিন্ত ইয়াৰ পাছতো লক ডাউন চলি থকাৰ সময়তে বন বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন বন বিষয়া আৰু কৰ্মচাৰীৰ জ্ঞাত সাৰেই চলা এই বন ধ্বংসই বনাঞ্চল খনক গভীৰ অস্তীত্বৰ সংকটৰ মুখলৈ ঠেলি দিছে। চোৰাং ব্যৱসায়ীয়ে পথৰ নিচেই কাষতে থকা বিশাল আকাৰৰ মুল্যবান বহু গছ এফালৰ পৰা কাটি ধ্বংস কৰাৰ বিপৰীতে অবৈধ বেদখলকাৰীয়েও বন বিভাগৰ কোনো অনুমতি অবিহনে গছ কটাৰ গুৰুতৰ অভিযোগ উঠিছে। আনকি পথৰ কাষতে চাং আৰু গাত খান্দিও চোৰাং কাঠ ব্যৱসায়ীয়ে অভয়াৰণ্য খনত বনাঞ্চল ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ সোণাই ৰূপাই অভয়াৰণ্য খনৰ গভীৰ বনাঞ্চলতো বন ধ্বংস চলি থকাৰো অভিযোগ উঠিছে। উল্লেখ্য যে, অভয়াৰণ্য খনৰ অসম-অৰুণাচল সীমালৈকে বিভিন্ন প্ৰান্তত বৃহৎ আকাৰৰ গছৰ প্ৰকাণ্ড টুকুৰা সমূহ যেনিয়ে তেনিয়ে পৰি আছে।

তদুপৰি  অভয়াৰণ্য খনৰ দৈমুখ পৰ্যন্ত বনাঞ্চলৰ প্ৰকাণ্ড গছ কাটি সেইবোৰ অবৈধ বেদখল কাৰীয়ে খৰি হিচাপে বিক্ৰী কৰা ঘটনাও দৈনিক সংঘটিত হৈ আহিছে। সোনাইৰূপাই অভয়াৰণ্যখনৰ কাষতে থকা অবৈধ বেদখলকাৰী সকলৰ প্ৰায়সংখ্যক লোকৰেই ঘৰৰ চৌহদত মুল্যবান গছৰ অংশ মেজিৰ দৰে সজাই ৰাখিছে৷ আৰ্শ্বযজনক বিষয় এইয়ে যে এইবোৰ বনবিভাগৰহে চকুত নপৰে৷ ইফালে সোণাই ৰূপাইৰ কাষতে থকা নদীত চলা অবৈধ খননত ব্যৱহৃত এখন এক্সকেভেটৰো অভয়াৰণ্য খনৰ সীমাতে ৰাখি থৈছে। অভয়াৰণ্যখনৰ কাষৰে তথা পূৰ্বৰ হিচাপত মাজৰেই যোৱা পকী পথৰ কাষতে বনাঞ্চলৰ মাজত বিভিন্ন অঞ্চলত কাটি পেলাই থোৱা গছ সমূহে বৃহৎ আকাৰৰ আৰু বিৰল শ্ৰেণীৰ গছ আৰু বন্যপ্ৰাণীৰ বাবে বিখ্যাত অভয়াৰণ্যৰ ভৱিষ্যতৰ প্ৰতিয়েই গভীৰ শংকাৰ সৃষ্টি কৰিছে য'দিও এইক্ষেত্ৰত সৰ্ম্পুনৰূপে নিৰ্বিকাৰ বন বিভাগৰ বৰমূৰীয়া সকল৷

ইয়াৰোপৰি যোৱা ১৬ মাৰ্চৰ পৰাই বনবিভাগক মহলদাৰে ৰয়েল্টি আদায় দিয়াত ব্যৰ্থ হোৱা বেলশিৰি মহলত একাংশ দুৰ্নীতি পৰায়ণ বন বিষয়া আৰু কৰ্মচাৰীৰ ছত্ৰছায়াত লক ডাউনৰ সময়তো ব্যাপক ভাৱে চোৰাং বালিৰ সৰবৰাহ চলি আহিছে। অভিযোগ অনুসৰি বন আইন উলংঘা কৰি দিনৌ  ১৫-২০ খন ট্ৰেক্টৰে অবৈধ ভাবে বেলশিৰি মহলৰ পৰা বালি সৰবৰাহ কৰি ব্যৱসায়ী দুৰ্নীতি পৰায়ণ বন বিষয়া আৰু কৰ্মচাৰীৰ মুনাফা লুটি আহিছে। শোণিতপুৰ জিলা বন বিভাগৰ অধীনস্থ গাভৰু খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া গৰাকিয়েও ৰহস্য জনক ভূমিকা গ্ৰহন কৰি আহিছে। বন বিভাগৰ শীৰ্ষ বন বিষয়াৰ আশীষ ধন্য এই গৰাকী খণ্ড  বন বিষয়াই চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে  বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী গৰাকিয়েও সোণাই ৰূপাই অভয়াৰণ্যখনৰ বন ধ্বংসৰ বুজ নোলোৱাৰো গুৰুতৰ অভিযোগ উঠিছে।

উত্থাপিত হোৱা আন এক অভিযোগ অনুসৰি সোণাই  ৰূপাইৰ পৰা ওলাই অহা পাঁচটা বন্যহস্তীয়ে বৰ্তমান মিছামাৰীৰ পৰা সেনা চৌহদৰ লগতে  ৰঙাপৰাৰ তাৰাজুলি চাহবাগিছা অঞ্চলত ব্যাপক উপদ্ৰৱ চলোৱাৰ পাছতো  গাভৰু খণ্ড বন বিষয়াৰ কাৰ্য্যালয় নিৰ্বিকাৰ হৈ আছে। ৰাইজে অভিযোগ কৰি কয় অঞ্চলটোত বন্যহস্তীৰ  নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুুুুনাম থকা বনবিষয়া গৰাকিক বদলি কৰি গাভৰু বন কাৰ্যালয়ত অনভিজ্ঞ লোকক নিয়োগ কৰা হৈছে৷ ইফালে ৰাজ্যৰ বনবিভাগৰ একাংশ শীৰ্ষ বন বিষয়াৰ উদাসীনতাৰ বাবেই শোণিতপুৰৰ জীৱ বৈচিত্ৰতাৰে ভৰা অৱশিষ্ট বনাঞ্চলো ক্ৰমাৎ নিশেষ হোৱাৰ দিশে আগবাঢ়িছে৷ ইফালে শোণিতপুৰ জিলা বন সংমণ্ডলত এজন দুৰ্নীতি পৰায়ন বনবিষয়াক বন সংৰক্ষক হিচাপে নিযুক্তি দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি জিলা খনৰ আমাৰিবাৰী বনাঞ্চলীক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাৰ বনাঞ্চলত এই জন দুৰ্নীতি পৰায়ন বনবিষয়াৰ ছত্ৰছায়াতে পূৰ্বতে অবাধে বন ধ্বংস চলিছিল। আনহাতেদি তেজপুৰৰ মাজমজিয়াস্থিত মাজগাঁও নৱপুৰ অঞ্চলত নিজৰ বিলাসী ঘৰ থকা  দুৰ্নীতি পৰায়ন বনবিষয়া জনক নিজৰ গৃহ চহৰতে বন বিভাগে কিদৰে নিযুক্তি দিলে তাক লৈয়ো গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে এইজন দুৰ্নীতি পৰায়ন বনবিষয়াজন  বিভাগটোৰ শীৰ্ষ বন সংৰক্ষকৰ ঘনিষ্ঠ বুলি পৰিচিত এজন বন চক্ৰ সংমণ্ডল বন বিষয়াৰ আশীষপুষ্ট হোৱাৰ বাবেই নিজ গৃহ চহৰত নিযুক্তি পাবলৈ সক্ষম হৈছে।একেদৰে  শোণিতপুৰ জিলাৰ বাৰ মাইল, ষোল্ল মাইল, চতাই, জালি, ধাৰিকাটি আৰু ভালুকপুং আদিত জীয়াভৰলী নদীৰ লগতে আন এলেকাৰ পৰা অবাধে বল্ডাৰ সৰবৰাহ কৰি বন ধ্বংস চলাই আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in