গালি সহ্য কৰিব নোৱাৰি পুত্ৰই ডিঙি চেপি হত্যা কৰিলে পিতৃক, মৃতদেহ বেগত ভৰাই পেলাই দিলে ৰাস্তাত…

গালি সহ্য কৰিব নোৱাৰি পুত্ৰই ডিঙি চেপি হত্যা কৰিলে পিতৃক, মৃতদেহ বেগত ভৰাই পেলাই দিলে ৰাস্তাত…

ডিজিটেল ডেস্কঃপূব দিল্লীত শ্বাহদহা অঞ্চলত সংঘটিত হৈছে এক নাৰকীয় ঘটনা। নিজৰ পিতৃক হত্যা কৰাৰ লগতে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি বেগত ভৰাই ৰাস্তাত পেলাই দিয়াৰ চেষ্টা চলাইছিল ২২ বছৰীয়া অমন গোৱেল নামৰ পুত্ৰই।

প্ৰাপ্ত খবৰ অনসৰি, বৰ্তমান দিল্লী আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰী অমনে কয় যে দেউতাকে প্ৰায়ে মদ খাই মাৰ পিট কৰিছিল আৰু এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিল। যোৱা ২০ মে'ত অমন ফুৰিবলৈ গৈছিল মনালীত। সেইসময়তে ঘৰত পুনৰ অশান্তি সৃষ্টি কৰাত অমন অতিষ্ঠ হৈ ঘৰলৈ ঘূৰি আহি হত্যা কৰে পিতৃক। হত্যাৰ পাছতে মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি বেগত ভৰাই পেলোৱাৰ চেষ্টা কৰোতেই আৰক্ষীৰ জালত পৰে। বৰ্তমান দিল্লী আৰক্ষীৰ জিম্মাত অমন গোৱেল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in