জোৱায়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকৰ, কামৰূপৰ মুক্তাপুৰত চাঞ্চল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ জোৱায়েকৰ দাৰ ঘাপত শাহুৱেক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত। অঞ্চলটোৰ পূবপাৰ জতিয়াভাংগাৰা গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই অঘটন।

উল্লেখ্য যে বিগত কেবাদিনো ধৰি পাৰিবাৰিক কথা-বতৰাক লৈ পত্নীৰ লগতে শাহুৱেক আৰু শহুৰেকৰ সৈতে বাক-বিতণ্ডাৰ সৃষ্টি হৈ আহিছিল ছাদ্দাম হুছেইন নামৰ লোকজনৰ। দৰং জিলাৰ আমবাৰী অঞ্চলৰ বাসিন্দা ছাদ্দামে শুকুৰবাৰে নিশাও শহুৰেকৰ ঘৰলৈ আহিয়েই বাক-বিতণ্ডা আৰম্ভ কৰে।

বাক-বিতণ্ডাৰ মাজতে ক্ৰোধৰ বশৱৰ্তী হৈ ছাদ্দামে দা হাতত লৈ শহুৰেক কৰিম আলী, শাহুৱেক কলচুম বিবি আৰু পত্নী সুস্মিতা বেগমক আক্ৰমম কৰে। ছাদ্দামৰ দাৰ ঘাপত শোৱাপাটীতে কৰুণ মৃত্যুক সাৱতি লয় শাহুৱেক কলচুমে। ছাদ্দামৰ আক্ৰমণত শহুৰেক কৰিম আৰু পত্নী সুস্মিতাও আহত হয়।

ঘটনাটো সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে ছাদ্দামে। পিছত স্থানীয় লোকসকলে আঘাতপ্ৰাপ্ত কৰিম আৰু সুস্মিতাক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি শাহুৱেক হত্যাকাৰী ছাদ্দামৰ পত্নী সুস্মিতাই চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in