মাত্ৰ ১৪ বছৰ বয়সতে ধৰ্ষিতা হোৱা অভিনেত্ৰীয়ে খুলি ক’লে জীৱনৰ তিক্ত অভিজ্ঞতাৰ কথা

মাত্ৰ ১৪ বছৰ বয়সতে ধৰ্ষিতা হোৱা অভিনেত্ৰীয়ে খুলি ক’লে জীৱনৰ তিক্ত অভিজ্ঞতাৰ কথা

ডিজিটেল ডেস্কঃ 'মাত্ৰ ৫ বছৰ বয়সতে মই যৌন নিগ্ৰহৰ আৰু ১৪ বছৰ বয়সত মই ধৰ্ষণ চিকাৰ হৈছো৷'- নিজৰ জীৱনৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰি ইনষ্টাগ্ৰামত এনেদৰে লিখিছে বলীউডৰ অভিনেত্ৰী, লেখিকা, সমাজসেৱী চোমী আলীয়ে৷ সোমবাৰে অভিনেত্ৰীগৰাকীয়ে #MeToo অভিযানক সমৰ্থন জনাই নিজৰ জীৱনত পাৰ কৰি অহা তিক্ত অভিজ্ঞতা বৰ্নণা কৰে৷

'আন্দোলন', 'আনথ' 'কৃষাণ অৱতাৰ' আদি কেইবাখনো জনপ্ৰিয় হিন্দী ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থান লাভ কৰা চোমী আলীয়ে ইনষ্টাগ্ৰামত লিখে, '#MeTooৰ জৰিয়তে জীৱনৰ অভিজ্ঞতা নিৰ্ভয়ে প্ৰকাশ কৰা সকলো মহিলাৰ সাহসিকতাক মই সন্মান জনাইছো৷ মই ৫ বছৰ বয়সত এজন পৰিচাৰকৰ হাতত যৌন নিগ্ৰহৰ বলি হৈছিলো আৰু মাত্ৰ ১৪ বছৰ বয়সত মোক ধৰ্ষণ কৰা হৈছিল৷ কিন্তু এই সত্য প্ৰকাশ কৰোতে মোৰ বহু বছৰ লাগিছিল৷ সমাজৰ ভয়ত মই নিশ্চুপ হৈ থাকিবলৈ বাধ্য হৈছিলো৷ এতিয়া বহু মহিলাই মুখ খুলি সেই কথা স্বীকাৰ কৰাত অইন নিৰ্যাতিত মহিলাসকলেও নিজৰ জীৱনৰ তিক্ত অভিজ্ঞতাসমূহ প্ৰকাশ কৰাত সাহস পাইছে৷'

উল্লেখ্য যে, বৰ্তমানে পাকিস্তানৰ নাগৰিক চোমা আলীয়ে ইয়াৰ পূৰ্বেও এক সাক্ষাৎকাৰত জীৱনৰ তিক্ত অভজ্ঞতা ব্যক্ত কৰিছিল৷ তেওঁ বৰ্তমান অভিনয়ৰ পৰা আতৰি 'ন' ম'ৰ টিয়াৰছ' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ বিভিন্ন সামাজিক কাম কৰি আহিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in