লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জী গুৰুতৰভাৱে অসুস্থ

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জী গুৰুতৰভাৱে অসুস্থ

ডিজিটেল ডেস্কঃ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰবীন চি পি আই (এম) নেতা সোমনাথ চেতাৰ্জী গুৰুত্বভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

চিকিৎসকৰ সূত্ৰ অনুসৰি যক্কৃত ৰোগত আক্ৰান্ত হৈছে বিশিষ্ট নেতাগৰাকী। ১০ আগষ্টত তেখেতক চিকিতসালয়ত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ মতে, তেখেতৰ স্বাস্থ্য সংকটজনক।

সোমনাথ চেতাৰ্জীৰ জন্ম হৈছিল অসমৰ তেজপুৰত। তেখেতৰ দেউতাকৰ নাম আছিল নিৰ্মল চন্দ্ৰ চেতাৰ্জী। সোমনাথ চেতাৰ্জীৰ পিতৃ বিশিষ্ট আইনজ্ঞ আছিল।

১৯৭১ চনতে প্ৰথম নিৰ্দলীয় প্ৰাৰ্থীৰূপে লোকসভাৰ বাবে নিৰ্বাচিত হৈছিল। তেখেতক সমৰ্থন দিছিল চি পি আই(এম)য়ে।

লোকসভাত ১৯৮৯চনৰ পৰা ২০০৪চনলৈ চি পি আই (এম) দলৰ নেতা আছিল চেতাৰ্জী। ২০০৪চনৰ ৪ জুনত চেতাৰ্জী লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in