এছ এম এ ৰোগত আক্ৰান্ত সু লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা…

এছ এম এ ৰোগত আক্ৰান্ত সু লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা…

ডিজিটেল সংবাদ ,নগাঁও: যুৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ ৰহাৰ ফুলগুৰিৰ বাসগৃহত বুধবাৰে নিশা উপস্হিত হৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সু লেখিকা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় । শাৰীৰিক অসুস্হতাৰ মাজতে লেখিকা শৰ্মিষ্ঠা প্ৰীতমে নিজৰ সৃষ্টিৰাজিৰ বাবে ২০১২ বৰ্ষত মুনীন বৰকটকী বঁটা,২০১৬ বৰ্ষত ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা,২০১৭ চনত গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭ বৰ্ষত দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০২০ বৰ্ষৰ অক্লান্ত উত্তৰ পুৰুষ বঁটাৰ উপৰি কেইবাটাও জলপানি লাভ কৰি ৰাজ্যৰ সাহিত্য জগতত এটি চিনাকি নাম হৈ পৰে।

পাঁচ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িবলৈ সক্ষম নোহোৱা শৰ্মিষ্ঠা প্ৰীতম বৰুৱা এগৰাকী মানসিকভাৱে অত্যন্ত সবল যুৱতী। হুইল চেয়াৰক সংগী কৰি তেওঁ অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্রী গ্রহণ কৰাৰ সমান্তৰালকৈ এখনৰ পিছত এখন গ্ৰন্হ ৰচনা কৰি আহিছে । শেহতীয়াকৈ লেখিকাগৰাকী স্পাইনেল মাচকুলাৰ এট্ৰফি চমুকৈ এছ এম এ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। এই ৰোগৰ চিকিৎসাৰ বাবে মাহে প্ৰায় ৬ লাখ টকাৰ ঔষধৰ প্ৰয়োজন ৷

চিকিৎসকৰ মতে ৰোগ বিধৰ পৰা আৰোগ্য লাভ কৰিবলৈ পাঁচ বছৰ এই ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন হব। আনহাতে সুস্থ হৈ উঠাৰ ক্ষেত্রত এই চিকিৎসা ব্যৱস্হাই যুৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা গৰাকীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও অত্যন্ত ব্যয়বহুল চিকিৎসা ব্যয়ৰ বাবে তেওঁ বৰ্তমান থমকি ৰব লগাত পৰিছে । সেয়ে সামাজিক মাধ্যম যোগে শৰ্মিষ্ঠাৰ লগতে একাংশ ব্যক্তি তথা অনুষ্ঠানে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ সহায় বিচাৰি আহ্বান জনায় । শৰ্মিষ্ঠাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্নজন শুভাকাংক্ষী আহি তেওঁৰ কাষত থিয় দিয়ে।

কালি সন্ধিয়া বিধায়ক ৰূপক শৰ্মা শৰ্মিষ্ঠা প্ৰীতমৰ ফুলগুৰিৰ বাসগৃহত উপস্থিত হৈ লেখিকাগৰাকীক পাৰ্যমানে সহায়- সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে । আনহাতে শৰ্মিষ্ঠাৰ চিকিৎসা ব্যয়ৰ বিষয়টো বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰি আৰ্থিক সাহাৰ্যৰ ব্যৱস্হা কৰাত উদ্যোগ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়ক শৰ্মাই কয় যে এছ এম এ ৰোগৰ বিৰুদ্ধে সাহসী শৰ্মিষ্ঠাই কৰি অহা যুঁজখনত আমাৰ সহযোগিতা সদায় থাকিব। নগাঁৱৰ গৌৰৱ এই গৰাকী প্ৰতিভাৱান লেখিকা এছ এম এ ৰোগৰ বিৰুদ্ধে হোৱা যুঁজখনত জয়ী হব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in