৭ দিনৰ বাবে বন্ধ হ’ল মহানগৰীৰ কেইবাখনো হোটেল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীত অপৰিস্কাৰ পৰিৱেশত খাদ্য যোগান ধৰা হোটেলৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান।
  • মঙলবাৰে গনেশগুৰীত পুনৰ চলিল বিভাগটোৰ অভিযান।
  • অভিযানৰ অন্তত বন্ধ কৰি দিয়া হ'ল হোটেল গামছ ডেলিকেচী।
  • ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হয় হোটেলখন।
  • অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ।
  • ইফালে ম্যাদ উকলা মছলাৰে খাদ্য প্ৰস্তুত কৰাৰো অভিযোগ।
  • ইফালে আন কেইবাখনো হোটেলত চলোৱা হয় অভিযান।
  • লখিমী আৰু দিচাং হোটেলটো অভিযান চলালে বিভাগটোৱে।
  • দুয়োখন হোটেল ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হয়।
  • লখিমীৰ চাহৰ হোটেলত বিষয়াকেইজনক স্বত্তাধিকাৰীয়ে দেখুৱাব পৰা নাই অনুজ্ঞাপত্ৰ।
  • ইফালে দিচাং হোটেলটো দেখুৱাব পৰা নাই অনুজ্ঞাপত্ৰ।
  • দিচাঙৰ কৰ্মচাৰীসকলে অনুজ্ঞাপত্ৰৰ বিষয়ে নাজানে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in