বানে কাঢ়িলে সকলো, অৱশিষ্ট ধন কাঢ়ি নিয়াৰ চেষ্টা অসাধু ব্যৱসায়ীৰ ! ৫ টকাৰ কেণ্ডেলত লৈছে ২৫ টকা…

বানে কাঢ়িলে সকলো, অৱশিষ্ট ধন কাঢ়ি নিয়াৰ চেষ্টা অসাধু ব্যৱসায়ীৰ ! ৫ টকাৰ কেণ্ডেলত লৈছে ২৫ টকা…

ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটা জিলাত সৰ্বত্ৰ বানে জুৰুলা কৰাৰ সময়তে বানপৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এফালে পানীত বুৰ যোৱা ঘৰবাৰী এৰি শিবিৰত আশ্ৰয় গ্ৰহণ ৷ আনফালে খোৱাপানীৰ অভাৱ। নাই কোনো পৰ্যাপ্ত খাদ্য সামগ্ৰী, নাই কোনো পোহৰৰ ব্যৱস্থা ৷

এনে পৰিস্থিতিত বানাক্ৰান্তসকলৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ ইচ্ছা মতে বৃদ্ধি কৰিছে কেতবোৰ লাগতিয়াল সামগ্ৰীৰ ৷ এই মুহূৰ্তত অকণমান সাহায্য পোৱাৰ আশাৰে বহু বানাক্ৰান্তই চৰকাৰ কিম্বা প্ৰশাসনৰ পিনে বাট চাই আছে ৷

এনে সময়তে বানাক্ৰান্ত সকলে অতিৰিক্ত দামত ক্ৰয় কৰিব লগা হৈছে কণী , আলু , পিঁয়াজ ৷ উত্থাপিত অভিযোগ অনুসৰি বৰপেটা চহৰ আৰু ইয়াৰ আশে পাশে থকা একাংশ ব্যৱসায়ীয়ে আলু প্ৰতি কিলোগ্ৰামত ৪০ টকা , পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৫০-৬০ টকাকৈ বিক্ৰী কৰিছে ৷ আনহাতে কণী প্ৰতি প্লেট ২০০ৰ পৰা ২১০ টকাকৈ বিক্ৰী কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

যোৱা কিছুদিন ধৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ থকাৰ বাবে বানাক্ৰান্ত লোকসকলে পোহৰৰ অভাৱৰ সন্মুখীন হৈছে ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি অসাধু ব্যৱসায়ীসকলে কেণ্ডেলৰ দাম বৃদ্ধি কৰিছে ৷ ৫ টকা দামৰ এডাল কেণ্ডেল ২০ টকা দামত বিক্ৰী কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷ আজি এই সন্দৰ্ভত বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in