শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান

দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন

1,008

ডিজিটেল সংবাদ, কাকডোঙাঃ অসমত প্ৰতিভাৰ যেন অভাৱ নাই। একান্ত প্ৰচেষ্টাৰ ফলশ্ৰুতি অসমৰ নৱ প্ৰজন্মই দেশৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখন দপদপাই অহৰহ অৰিহণা যোগাইছে। চহৰ নগৰ বুলি কথা নাই গাঁও সমূহৰ পৰাও প্ৰযুক্তিবিদা সৃষ্টি হৈছে অসমত। ঠিক তেনে এক ব্যতিক্ৰম হিচাপে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰ অন্তগৰ্ত বালিবাট গাঁৱৰ আফাজুৰ ৰহমানে সৌৰশক্তিত চলিৱ পৰা চাৰি চকীয়া বাহন উদ্ভাৱন কৰি চমক সৃষ্টি কৰে অঞ্চলটোত।

মঙলবাৰে বিশিষ্ট বিজ্ঞানী চৌধুৰী নাথ শইকীয়াৰ উপস্থিতত নিজ মাতৃৰ দ্বাৰা ফিটা কাটি উদ্বোধন কৰে সৌৰচালিত বাহনখন। দিনৰ ভাগত অবিৰাম গতিত ঘন্টাত ৩৫ কিলোমিটাৰ বেগত চলিব পৰা বাহন খন নিশা ৬ ঘন্টা চলিব পাৰিব। প্ৰায়ে এবছৰ যোৰা অহৰহ চেষ্টা আৰু ১ লাখ ৩০ হেজাৰ ধন খৰছ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে বাহনখন।

সৌৰচালিত তথা মবাইল অপাৰেটিঙৰ দ্বাৰা পাৰ্কিং কৰাৰ সুবিধা থকা বাহনখন পিতৃ প্ৰয়াত আজিজ ৰহমানৰ নামত উৎসৰ্গা কৰে আফাজুৰে। প্ৰৱল উদ্ভাবনী শক্তিৰ অধিকাৰী আফাজুৰে সৰুৰে পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি অহাৰ মাজতে এটা বছৰৰ পূৰ্বে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল এটা অত্যাধুনীক ৰৱট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি