বকোত ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰীৰ অৱসৰক কেন্দ্ৰকৰি বেমেজালিঃ নিৰপেক্ষ তদন্তৰ বাবে আৱেদন…

বকোত ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰীৰ অৱসৰক কেন্দ্ৰকৰি বেমেজালিঃ নিৰপেক্ষ তদন্তৰ বাবে আৱেদন…

ডিজিটেল সংবাদ বকো: ভূমি সংৰক্ষণ বিভাগৰ এগৰাকী কৰ্মচাৰীৰ অৱসৰক কেন্দ্ৰকৰি কামৰূপ জিলাৰ বকোত অভিযোগ উত্থাপিত হৈছে ।অভিযোগ মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত চন্দ্ৰমোহন বৰ্মন নামৰ লোকগৰাকীয়ে ১৯৮৬ বৰ্ষত মাহেকীয়া বনুৱা কৰ্মচাৰী হিচাপে যোগদান কৰে । জানিবপৰা মতে বিভাগটোৱে ২০০৫ বৰ্ষত বিভাগটোৰ ১৯৯০ বৰ্ষৰ আগৰে পৰা কাম কৰি থকা ৫১০গৰাকী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰে ।

কিন্ত দুৰ্ভাগ্যজনক ভাবে চন্দ্ৰমোহন বৰ্মন নামৰ অস্থায়ী নিবনুৱা কৰ্মচাৰী গৰাকীৰ ফটোখন সেই তালিকা প্ৰকাশ পায় যদিও ফটোখনৰ বিপৰীতে নামটো ভুলকৈ 'প্ৰবীণ বৰ্মন ' – বুলি প্ৰকাশ কৰে । নামটো তালিকাখনৰ ১১৬ নং ক্ৰমিক নম্বৰত প্ৰকাশ পায় । লগে লগে কৰ্মচাৰী গৰাকীয়ে কামকৰা কাৰ্যালয় আৰু পৰিয়ালৰ মাজত হাহাকাৰ লাগে । কৰ্মচাৰী গৰাকীয়ে সেইসময়ৰ ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল প্ৰাধিকাৰী বিষয়া জীতেন মালাকৰকে ধৰি বিভাগীয় বিষয়াৰ কাষ চাপে ।বিভাগৰ দায়িত্বত থকা বিভাগীয় বিষয়া সকলে চন্দ্ৰমোহন বৰ্মনক কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু বৰ্মনে গোটেই জীৱন বিভাগীয় নীতি-নিয়ম মতে দা-দৰমহা আদি লাভ কৰিব বুলি আশ্বাস দিয়ে ।

আনকি চন্দ্ৰমোহন বৰ্মনক মাহেকত ১৯ হেজাৰ ২ শ টকাকৈ নিৰ্ধাৰিত ধন লাভ কৰাৰ ব্যৱস্থা কৰি দিয়ে । অতি সহজ-সৰল কৰ্মচাৰী বৰ্মনে সেই আশ্বাসকে সৰোগত কৰি ইমান বছৰে কাম কৰি আহিছিল।  কিন্ত হথাৎ যোৱা ২০২১ বৰ্ষৰ ৩১ডিচেম্বৰৰ দিনা চন্দ্ৰমোহন বৰ্মনক বকোৰ কাৰ্যালয়লৈ মাতি চাকৰিৰ পৰা অৱসৰ পোৱা বুলি জনায় আৰু সেইদিনাৰ পৰা কাৰ্যালয়লৈ আহিব নালাগে বুলি কয় ।

কৰ্মচাৰী গৰাকীয়ে ইমান দিনে বিভাগত কাম কৰি অহাৰ পিছতো বিভাগৰ জৰিয়তে কোনো ধৰণৰ টকা-পইচা যে লাভ নকৰিব সেয়াও পোহৰলৈ আহে । তাৎপৰ্যপূৰ্ণ ভাবে কৰ্মচাৰী গৰাকীক বিভাগটোৰপৰা ২০২১ বৰ্ষৰ ৩০ অক্টোবৰত অৱসৰ লাভ কৰা বুলি নথিপত্ৰত উল্লেখ কৰিছে ।অথচ দুমাহ পিছতহে অৱসৰ লাভ কৰা সেই নথিপত্ৰ কাৰ্যালয়ৰ পৰা দিয়ে । কৰ্মচাৰীৰ গৰাকীৰ বাবে এই সমষ্ট প্ৰক্ৰিয়াটো যেন ৰহস্য হৈ পৰিছে । গতিকে কৰ্মচাৰী গৰাকীৰ জীৱন বিয়লি বেলাৰ অসহায় সময়খিনিৰ বাবে আৰু পৰিয়ালটোৰ স্বাৰ্থত ভূমি সংৰক্ষণ বিভাগৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹হিমন্তবিশ্ব শৰ্মাৰ ওচৰত নিৰপেক্ষ তদন্ত কৰি এক সুব্যৱস্থা কৰিবলৈ আবেদন জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in