শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

এন্টিভাইৰাছ ছফ্টৱেৰ নিৰ্মাতা জ’ন মেকফীৰ জে’লত আত্মহত্যা…

ডিজিটেল ডেস্কঃ কম্পিউটাৰ এন্টিভাইৰাছ ছফ্টৱেৰ নিৰ্মাতা জ’ন মেকফীয়ে স্পেইনৰ জে’লত আত্মহত্যা কৰাৰ পাছতে সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। তেওঁ আত্মহনন কৰাৰ দিনটোতে তেওঁক স্পেইনৰ ন্যায়ালয়ে চোৰৰ গোচৰত আমেৰিকা প্ৰত্যাৰ্পণ কৰাৰ বাবে মঞ্জুৰি প্ৰদান কৰে। বহুতে চৰ্চা কৰিছে এই ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই জ’নে আত্মহননৰ পথ বাচি লয়।

উল্লেখ্য যে, বুধবাৰৰ দিনৰ ২ বজাত ৭৫ বছৰীয়া জ’ন মেকফীৰ মৃতদেহ উদ্ধাৰ কৰে জে’লৰ কৰ্তৃপক্ষই। স্পেইনৰ জে’ল কৰ্তৃপক্ষই কয় যে- প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যা বুলি স্পষ্ট হৈছে। উল্লেখ্য যে, মেকফীক আমেৰিকাত কৰ চুৰি কৰাৰ গোচৰত অভিযুক্ত আছিল। আৰু তেওঁ দোষী সাব্যস্ত হ’লে ৩০ বছৰৰ বাবে জে’লত দিন কটাব লগীয়া হ’লহেঁতেন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি